গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুন : নৱ প্ৰজন্মৰ কবি মেঘালী তালুকদাৰৰ প্ৰথমখন কাব্যগ্ৰন্থ “সন্ধানী মন”ৰ গুৱাহাটী প্ৰেছ ক্লাৱত শুভ উন্মোচন কৰা হয় । প্ৰণৱজ্যোতি নদীয়ালে আঁত ধৰা অনুষ্ঠানটিত কাব্যগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি, প্ৰবন্ধকাৰ কাবেৰী কছাৰী ৰাজকোঁৱৰে । অসমৰ অন্যতম চিত্ৰকলা অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান ” এথনিক আৰ্টিষ্ট ছ’ছাইটী , অসমে ” প্ৰকাশ কৰিছে এই কাব্যগ্ৰন্থখন ।

এই উন্মোচনী সভাত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়া, অসমীয়া খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, বিশিষ্ট কবি, পৰিচালক হিমাংশু প্ৰসাদ দাস, কবি বিজিত তালুকদাৰকে ধৰি বিশিষ্ট ব্যক্তি।

উন্মোচনী ভাষণত কাবেৰী কছাৰী ৰাজকোঁৱৰে কয় যে ন কবি মেঘালীৰ কবিতাত সুন্দৰকৈ নিজৰ অনুভৱ প্ৰকাশ কৰিছে । তেওঁৰ কবিতাত প্ৰেম আছে, বিপ্লৱ আছে আৰু জীয়াই থাকিবলৈ প্ৰেৰণা আছে ।

উল্লেখযোগ্য যে ” এথনিক আৰ্টিষ্ট ছ’ছাইটী , অসমে “২০১২ চনৰ পৰাই নামনি অসমৰ গ্ৰাম্যাঞ্চলত চিত্ৰকলাৰ বাবে কাম কৰি আছে । ২০১৫ চনত অসমৰ সৰ্ববৃহৎ মুকলি চিত্ৰকলাৰ প্ৰদৰ্শনী “ফ’কাছ
অন দ্য ৰাভাজ” , ২০১৬ চনতো আন্তঃৰাষ্ট্ৰীয়ভাৱে সামাজিক চিত্ৰকলা অনুষ্ঠান “এথনিক আৰ্টিষ্ট ছ’ছাইটী”ৰ উদ্যোগতে অনুষ্ঠিত হৈছিল । প্ৰতিষ্ঠানটোৱে চিত্ৰকলাৰ ওপৰত কাম কৰাৰ উপৰিও কেইবাখনো প্ৰাসংগিক গ্ৰন্থও প্ৰকাশ কৰিছে ।