মৰিগাঁও
২ জুলাই

মৰিগাঁও জিলাৰ শিশু ধর্ষণকাৰীক উদ্দেশ্যি আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত আহত শিশু ধর্ষণকাৰী চৈয়দ আলী ওৰফে পঠা। আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে শিশু ধর্ষণকাৰী চৈয়দ আলীক উদ্দেশ্যি গুলী চালনা কৰে।

মৰিগাঁও জিলাৰ এগৰাকী শিশুৰ ধৰ্ষণকাণ্ডৰ লগত যদিও চৈয়দ আলী ওৰফে পঠা নামৰ ধর্ষণকাৰীক উদ্দেশ্যি আৰক্ষীয়ে গুলী চালনা কৰে। আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত হয় ধর্ষণকাৰী চৈয়দ আলী। জানিব পৰা মতে আৰক্ষীয়ে চৈয়দ আলীক লগত লৈ বৃহস্পতিবাৰে নিশা ধর্ষণকাণ্ড সংঘটিত হোৱা স্থানত তদন্ত চলাবলৈ গৈছিল।

ঘটনাস্থলীত আৰক্ষীয়ে তদন্ত চলাই থকা সময়তে ধর্ষণকাৰী চৈয়দ আলী আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰাৰ চেষ্টা চলায়। আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰা ধর্ষণকাৰী চৈয়দ আলীক উদ্দেশ্যি আৰক্ষীয়ে তিনি জাই গুলী বর্ষণ কৰে। আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ গুৰুত্বৰভাৱে আহত হয় শিশু ধর্ষণকাৰী চৈয়দ আলী।

আৰক্ষীয়ে গুলীবিদ্ধ চৈয়দ আলীক মৰিগাঁৱত প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ৬৫ বছৰীয়া চৈয়দ আলীয়ে কিছুদিন পূৰ্বে মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত বালিডোংগাত এগৰাকী ৯ বছৰীয়া শিশু কন্যাক ধর্ষণ কৰি হত্যা কৰিছিল।