গুৱাহাটী, ২৩ জানুৱাৰী, ২০২৪ : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা গুৱাহাটীত উপস্থিত। গুৱাহাটীৰ খানাপাৰাত ভাৰত জোড়ো ন্যায় যাত্ৰা উপস্থিত হোৱাৰ পিছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। গুৱাহাটী মহানগৰীত ভাৰত জোড়ো ন্যায় যাত্ৰা প্ৰৱেশত বাধা প্ৰদনা আৰক্ষীৰ। বাধা প্ৰদান কৰিবলৈ আৰক্ষীয়ে সংস্থাপন কৰা বেৰিকেড ভেদি কংগ্ৰেছ কৰ্মীয়ে মহানগৰীত প্ৰৱেশ কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ (Congress Workers) ওপৰত লাঠি চালনা কৰে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত আছে কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। সোমবাৰে এই যাত্ৰা মেঘালয়ত উপস্থিত হোৱাৰ পিছত মঙলবাৰে পুৱাই ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা মেঘালয়ৰ পৰা আহি উপস্থিত হয় মহানগৰী গুৱাহাটীৰ খানাপাৰাত। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত সমৰ্থন জনাই হাজাৰ হাজাৰ লোকে খানাপাৰাত ভিৰ কৰা দেখিবলৈ পোৱা যায়। ইফালে ভাৰত জোড়ো ন্যায় যাত্ৰা গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে আৰক্ষীয়ে।

ভাৰত জোড়ো ন্যায় যাত্ৰা মহানগৰী গুৱাহাটীত প্ৰৱেশ কৰাত আৰক্ষীয়ে বাধা প্ৰদান কৰাত খানাপাৰাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। কংগ্ৰেছ কর্মী সকলে ইয়াৰ ৰিৰোধীতা কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। আৰক্ষীয়ে কংগ্ৰেছ দলৰ এই যাত্ৰা গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিবলৈ বেৰিকেড সংস্থাপন কৰে যদিও কংগ্ৰেছৰ কর্মী সকলে বেৰিকেড ভেদি মহানগৰীত প্ৰৱেশ কৰাত চেষ্টা চলাওঁতে আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ ওপৰত লাঠি চালনা কৰে।

আৰক্ষীৰ লাঠি চালনাৰ বলি হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা। আৰক্ষীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা মহানগৰী গুৱাহাটীত প্ৰৱেশ কৰাত বাধা প্ৰদানকলৈ কংগ্ৰেছ কর্মী আৰু আৰক্ষীৰ মাজত তৰ্কবিতৰ্ক হোৱাও দেখিবলৈ পোৱা যায়। কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা গুৱাহাটী মহানগৰৰ মাজেৰে নিয়াৰ বাবে অনুমতি বিচাৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ অনুমতি প্ৰদান কৰা নাছিল। ভাৰত জোড়ো ন্যায় যাত্ৰা মহানগৰীৰ মাজেৰে নিলে ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হ’ব বুলি মুখ্যমন্ত্ৰীয়ে এই যাত্ৰা মহানগৰীৰ মাজেৰে নিয়াৰ বাবে অনুমতি প্ৰদান কৰা নাছিল। উল্লেখ্য যে, মণিপুৰৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত প্ৰৱেশ কৰাৰ পিছৰে পৰা প্ৰতিবাদৰ সন্মুখীন হৈ আছে।

এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাষণ প্ৰদান কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৰাহুল গান্ধীয়ে কয় যে বিজেপি চৰকাৰক আমি ভয় নকৰো। বিজেপি চৰকাৰে ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছে। উল্লেখ্য যে, ১৪ জানুৱাৰীৰ পৰা মণিপুৰৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা দুমাহ পৰ্যন্ত চলিব। অহা ২০ মাৰ্চত মুম্বাইত অন্ত পৰিব এই যাত্ৰাৰ। এই সময়ছোৱাত ৰাহুল গান্ধীয়ে ৬৭০০ কিলোমিটাৰতকৈ অধিক দূৰত্বত অতিক্ৰম কৰিব।