গুৱাহাটী, ২৩ জানুৱাৰী, ২০২৪ : ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত (Bharat Jodo Nyay Yatra) বাধা প্ৰদানৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চ, অসমৰ অধ্যক্ষ ভূপেন বৰা আৰু অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ যাত্ৰাসংগী নেতাসকলৰ সৈতে অসম আৰক্ষীৰ লোকে কৰা দুৰ্ব্যৱহাৰৰ ঘটনাক বিৰোধী ঐক্য মঞ্চ, অসম তীব্ৰ গৰিহণা দিয়ে৷ মঞ্চৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এক বিবৃতিত কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীৰ লোকে ৰাহুল গান্ধীৰ যাত্ৰাক বাধা দি তথা একাংশ যাত্ৰাকাৰী নেতাক শাৰিৰীকভাৱে অপদস্ত কৰি গণতন্ত্ৰক কবৰস্থ কৰিলে৷

এই অপৰাধৰ উত্তৰ জনতাৰ আদালতত মুখ্যমন্ত্ৰীয়ে দিবই লাগিব বুলিও তেওঁ কয়। লুৰীণজ্যোতি গগৈয়ে কয়, “আৰক্ষীৰ দায়িত্ব হৈছে সকলো দল-সংগঠনৰ প্ৰতি সমান ব্যৱহাৰ কৰা৷ কিন্তু মুখ্যমন্ত্ৰীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা তথা বিৰোধী দলসমূহক তুচ্চ-তাচ্ছিল্যসূচক মন্তব্য কৰাৰ পিছত আজি অসম আৰক্ষীৰ লোকে গুৱাহাটীৰ খানাপাৰাত যাত্ৰাকাৰী নেতাসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰি আৰক্ষীৰ নীতি-নিয়ম ভংগ কৰিছে৷ এয়া দুৰ্ভাগ্যজনক৷ দৰাচলতে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে আৰক্ষীয়ে যে এনে ব্যৱহাৰ কৰিলে সেয়া কাৰো বুজিবলৈ বাকী নাই৷” মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ পৰাজয় নিশ্চিত বুলি জানি ভয়ত বিতত হৈয়ে বিৰোধীপক্ষ উত্থান প্ৰতিহত কৰাৰ লক্ষ্যতে আৰক্ষীক ৰাজনৈতিক প্ৰয়োজনত ব্যৱহাৰ কৰা বুলি মত প্ৰকাশ কৰি লুৰীণজ্যোতি গগৈয়ে আৰক্ষীৰ নিৰপেক্ষতা বজায় ৰাখিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনায়৷

উল্লেখ্য যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত আছে কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। সোমবাৰে এই যাত্ৰা মেঘালয়ত উপস্থিত হোৱাৰ পিছত মঙলবাৰে পুৱাই ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা মেঘালয়ৰ পৰা আহি উপস্থিত হয় মহানগৰী গুৱাহাটীৰ খানাপাৰাত। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত সমৰ্থন জনাই হাজাৰ হাজাৰ লোকে খানাপাৰাত ভিৰ কৰা দেখিবলৈ পোৱা যায়। ইফালে ভাৰত জোড়ো ন্যায় যাত্ৰা গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে আৰক্ষীয়ে। ভাৰত জোড়ো ন্যায় যাত্ৰা মহানগৰী গুৱাহাটীত প্ৰৱেশ কৰাত আৰক্ষীয়ে বাধা প্ৰদান কৰাত খানাপাৰাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। কংগ্ৰেছ কর্মী সকলে ইয়াৰ ৰিৰোধীতা কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

আৰক্ষীয়ে কংগ্ৰেছ দলৰ এই যাত্ৰা গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিবলৈ বেৰিকেড সংস্থাপন কৰে যদিও কংগ্ৰেছৰ কর্মী সকলে বেৰিকেড ভেদি মহানগৰীত প্ৰৱেশ কৰাত চেষ্টা চলাওঁতে আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ ওপৰত লাঠি চালনা কৰে। আৰক্ষীৰ লাঠি চালনাৰ বলি হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা। আৰক্ষীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা মহানগৰী গুৱাহাটীত প্ৰৱেশ কৰাত বাধা প্ৰদানকলৈ কংগ্ৰেছ কর্মী আৰু আৰক্ষীৰ মাজত তৰ্কবিতৰ্ক হোৱাও দেখিবলৈ পোৱা যায়। কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা গুৱাহাটী মহানগৰৰ মাজেৰে নিয়াৰ বাবে অনুমতি বিচাৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ অনুমতি প্ৰদান কৰা নাছিল। ভাৰত জোড়ো ন্যায় যাত্ৰা মহানগৰীৰ মাজেৰে নিলে ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হ’ব বুলি মুখ্যমন্ত্ৰীয়ে এই যাত্ৰা মহানগৰীৰ মাজেৰে নিয়াৰ বাবে অনুমতি প্ৰদান কৰা নাছিল।

মণিপুৰৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত প্ৰৱেশ কৰাৰ পিছৰে পৰা প্ৰতিবাদৰ সন্মুখীন হৈ আছে। এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাষণ প্ৰদান কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৰাহুল গান্ধীয়ে কয় যে বিজেপি চৰকাৰক আমি ভয় নকৰো। বিজেপি চৰকাৰে ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছে। উল্লেখ্য যে, ১৪ জানুৱাৰীৰ পৰা মণিপুৰৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা দুমাহ পৰ্যন্ত চলিব। অহা ২০ মাৰ্চত মুম্বাইত অন্ত পৰিব এই যাত্ৰাৰ। এই সময়ছোৱাত ৰাহুল গান্ধীয়ে ৬৭০০ কিলোমিটাৰতকৈ অধিক দূৰত্বত অতিক্ৰম কৰিব।