নিউজ ডেস্ক, ২৯ ডিচেম্বৰ: আজি বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত দুই স্থানত আধাৰশিলা স্থাপন কৰে বিহালী সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই৷ ৰাজ্য চৰকাৰৰ গড়কাপ্তানী বিভাগৰ অধীনৰ আঁচনিৰ জৰিয়তে নিৰ্মান হ’বলগীয়া গ্ৰাম্য পথ দুটা ক্ৰমে পদুম পুখুৰী- বেদেতীগুৰী গ্ৰাম্য পথ আৰু ৰৌমাৰী-বুৰৈগুৰী গ্ৰাম্য পথছোৱাৰ আধাৰশিলা কৰি মন্ত্ৰী দত্তই সম্বোধন কৰে ৰাজহুৱা সভা। সভাত মন্ত্ৰী দত্তই কয় যে, বিগত সময়ছোৱাত উন্নয়নমুলক কাম-কাজৰ ক্ষেত্ৰত বিগত কংগ্ৰেছ চৰকাৰ তথা বিভাগে কোনো পদক্ষেপ গ্ৰহন নকৰা হেতু জনসাধাৰণে অতিপ্ৰয়োজনীয় বাট-ঘাটৰ সুচল যোগাযোগৰ পৰা বঞ্চিত হৈ আছিল। সম্প্ৰতি বিজেপি চৰকাৰে ৰাজ্যৰ জনসাধাৰণক সুনিশ্চিত নিৰাপত্তা প্ৰদানৰ লগতে সামগ্ৰিক উন্নয়নৰে এখন উন্নয়মূলক ৰাজ্য হিচাপে অসমক নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ লগতে আজি যিটো পথ আধাৰশিলা কৰা হৈছে এই পথছোৱাই অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া এক জ্বলন্ত সমস্যা সমাধান কৰিব বুলি বক্তৱ্য প্ৰকাশ কৰে। ইফালে, মন্ত্ৰী দত্তৰ এই পদক্ষেক আদৰণি জনাইছে বিহালীৰ জনসাধাৰণে৷ এই অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দত্তৰ ওপৰিও গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভি়যন্তা অসমী দত্তকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।