নিউজ ডেস্ক, ২৯ অক্টোবৰ: অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি পৰমানন্দ ৰাজবংশীক নিজ গৃহভূমি দৰং জিলালৈ বিভিন্ন দল সংগঠনে এক শোভাযাত্ৰাৰে আদৰি আনে। পৰমানন্দ ৰাজবংশী নাৰিকলি শিৱ মন্দিৰত ভগৱানৰ আশিষ লৈ নিজ গৃহ জিলাত প্ৰৱেশ কৰে। তাতেই দৰং জিলা সাহিত্য সভা, বিভিন্ন শাখা সাহিত্য সভা সমূহকে ধৰি বিভিন্ন দল-সংগঠনে আদৰনি জনাই। ইয়াৰ পিছতে এক শোভাযাত্ৰাৰে ৰাজবংশী নিজ গৃহ ভূমিলৈ আদৰি আনে।