জোনমণি বেগম

বিশ্বনাথ : জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত সোমবাৰে চিলাৰায় সেনা মহিলা সমিতি, সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ চমুকৈ আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা সমূহ জিলা আৰু সদৰ আঞ্চলিকৰ সহযোগত বিশ্বনাথতো বিশ্বনাথ জিলা আক্ৰাছুৰ জিলা, সদৰ আৰু আঞ্চলিক ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ জড়িয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা গৃহমন্ত্ৰী অমিত শ্বাহ, মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এক ছয় দফীয়া সাত পৃষ্ঠা জোৰা স্মাৰক পত্ৰ প্ৰদান কৰে৷ এই স্মাৰক পত্ৰ প্ৰদানত উপস্থিত থাকে বিশ্বনাথৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি সদস্য মন্টু বৰকটকী, কোচ-ৰাজবংশী সন্মিলনীৰ প্ৰদীপ ভূঞাঁ, আক্ৰাছুৰ জিলা সমিতিৰ সভাপতি পিংকু হাজৰিকা, সম্পাদক নিপম বৰা, প্ৰচাৰ সম্পাদক হোমেন বৰ্মন, সহকাৰী সম্পাদক লক্ষ্মীনাথ হাজৰিকা, বিশ্বনাথ সদৰ আঞ্চলিকৰ সভাপতি জ্যোতি প্ৰসাদ শইকীয়া, সম্পাদক ভাস্কৰ ৰাজখোৱা আদিৰ লগতে বহুকেইজন বিষয়ববীয়া৷

জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত আক্ৰাছুয়ে ইতিমধ্যে বহুকেইটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। ১৯ জুলাইত প্ৰত্যেকখন জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, মহিলা সমিতি আৰু চিলাৰায় সেনাৰ লগত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান। ইয়াৰ লগে লগে ২৯ জুলাইত প্ৰতিষ্ঠা দিৱসৰ দিনা অসমৰ প্ৰতিটো অঞ্চলৰ পৰাই কোচ ৰাজবংশী সকলৰ সমস্যা সমাধান নামত চূড়ান্ত প্ৰতাৰণা কৰাৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিব সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জড়িয়তে৷ ২ আগষ্টত প্ৰতিখন জিলা আৰু মহকুমা সদৰত ৬ ঘন্টীয়া অনশন কাৰ্যসূচী৷ তাৰ পাছতে ১৭ আগষ্টত গুৱাহাটীত পুনৰ ৩৬ ঘন্টীয়া অনশন কাৰ্যসূচী।

২৫ আগষ্টৰ পৰা গুৱাহাটীত আমৰণ অনশন কাৰ্যসূচী। উক্ত কাৰ্যসূচী সমূহত সকলোৱে যাতে জাতি উদ্ধাৰৰ মানসিকতাৰে অধিক শক্তিশালী ৰূপে সফল কৰে তাৰ বাবে কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়া, আঞ্চলিক, জিলা, মহিলা সমিতি আৰু চিলাৰায় সেনাৰ সমূহ বিষয়ববীয়া তথা কোচ ৰাইজলৈ বিনম্ৰ অনুৰোধ জনায় আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পুৰেন ৰায় সম্পাদক দিব্যজ্যোতি ডেকা সুনাধৰ ৰায়ে।