গুৱাহাটী, সংবাদ ৩৬৫, ১৯ মাৰ্চ : অগপ কাৰ্য্যালয় ঘেৰাও কৰাসকল কোনো ৰাজনৈতিক দলৰ নাছিল বুলি স্পষ্ট কৰি দিয়ে আন্দোলন কাৰীয়ে।

উল্লেখ্য যে অগপ আৰু বিজেপিৰ মিত্ৰতাক লৈ ১৬/০৩/২০১৯ তাৰিখে ৰাইজক প্ৰতাৰণা কৰাৰ উচিত উত্তৰ বিচাৰি আমবাৰীস্থিত অগপ দলৰ মুখ্য কাৰ্য্যালয়ত অসমীয়া খিলঞ্জীয়া ৰাইজ উপস্থিত হৈছিল। কিন্তু প্ৰতিবাদ কৰিবলৈ যোৱা অগপ দলৰ কর্মী আৰু ৰাইজৰ ওপৰত জঁপিয়াই পৰে অগপ দলৰ আন একাংশ উদণ্ড সমৰ্থক।

ইয়াৰোপৰি প্ৰতিবাদকাৰী সকলক কিছু সংবাদ মাধ্যম আৰু অগপৰ সমৰ্থসকলে আম আদমী,কৃষক মুক্তি আৰু কংগ্ৰেছৰ সমৰ্থক বুলি দাবী কৰাৰ মন্তব্যত জাঙুৰ খাই উঠিছে প্ৰতিবাদকাৰীসকল। প্ৰতিবাদকাৰী কৃষ্ণা শৰ্মা আৰু নম্ৰতা শৰ্মাৰ লগতে একাংশই মঙলবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি স্পষ্ট কৰি দিয়ে যে তেওঁলোক কোনো ৰাজনৈতিক দলৰ সমৰ্থক নহয়। কিন্তু অসম গণ পৰিষদ দলৰ লগত অসমৰ খিলঞ্জীয়া ৰাইজৰ আৱেগ অনুভূতি জড়িত হৈ আছে।

প্ৰতিবাদকাৰীসকলে কয় যে বিজেপি দলটোৰ অসমৰ ৰাইজৰ প্ৰতি কোনো দায়বদ্ধতা নাই।এনেকুৱা এটা সাম্প্ৰদায়িক ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা কৰি নিৰ্বাচন খেলটো অসমবাসীয়ে কেতিয়াও মানি লব নোৱাৰে। ১৬ তাৰিখে প্ৰতিবাদ কৰিবলৈ যোৱাত যিসকল ব্যক্তিয়ে কংগ্ৰেছৰ নাইবা কোনো ৰাজনৈতিক দল-সংগঠনৰ সমৰ্থক বুলি কৈছে তেওঁলোকক ক্ষমা খুজিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে।