গুৱাহাটী, ৯ মে’, ২০২৫ : ৰেডিচন ব্লু গুৱাহাটী খাদ্যপ্ৰেমী অতিথিসকলক ৰাজকীয় ৰুচিৰ এখন নতুন পৃথিৱীলৈ লৈ যাবলৈ সাজু হৈছে । হোটেলখনত আৰম্ভ হৈছে ‘নৱাবী ফীস্ট’ আৰু মাতৃ দিৱসৰ বিশেষ উদযাপন। কেফে বি ইউ আৰু দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে (The Great Kabab Factory) অতিথিসকলৰ বাবে আয়োজন কৰিছে হৃদয়স্পৰ্শী উৎসৱ, ৰাজকীয় খাদ্যসম্ভাৰ, আৰু স্মৰণীয় খাদ্য অভিজ্ঞতাৰ। সমগ্ৰ মে’ মাহৰ প্ৰতি শুকুৰবাৰে কেফে বি ইউত আয়োজন কৰা হ’ব ‘নৱাবী ফীস্ট’, য’ত অতিথিসকলে লক্ষ্ণৌৰ পৰম্পৰাগভাৱে সমৃদ্ধ আৰু সুগন্ধিময় ৰাজকীয় খাদ্য উপভোগ কৰিব পাৰিব।
বিশেষভাৱে প্ৰস্তুত কৰা নৱাবী বুফে আৰু লাইভ কাউণ্টাৰৰ সৈতে এই অনুষ্ঠানে অতিথিসকলৰ বাবে এক অনন্য ৰন্ধন যাত্ৰা আগবঢ়াব। ৰেডিচন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ অংকুৰ মেহৰোত্ৰাই কয়, “নৱাবী ফীস্ট হৈছে লক্ষ্ণৌৰ ৰাজকীয় খাদ্যৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি, আৰু আমাৰ অতিথিসকলক এই ৰাজকীয় অভিজ্ঞতা আগবঢ়াবলৈ পাই আমি আনন্দিত হৈছো।” উল্লেখ্য যে, নৱাবী ফীস্টৰ উপৰিও ৰেডিচন ব্লু গুৱাহাটীয়ে মাতৃ দিৱস উপলক্ষে অহা ১১ মে’, ২০২৫ তাৰিখে এক বিশেষ উদযাপনৰ আয়োজন কৰিছে। দুপৰীয়া ১২:৩০ বজাৰ পৰা কেফে বি ইউত এক হৃদয়স্পৰ্শী মাদাৰ্ছ ডে’ৰ ব্ৰাঞ্চৰ আয়োজন হ’ব, য’ত থাকিব বিশেষভাৱে প্ৰস্তুত কৰা মেন্যু, লাইভ কাউণ্টাৰ, আৰু সংগীত পৰিবেশন।
অতিথিসকলে ইচ্ছা কৰিলে লাইভ কাউণ্টাৰত নিজে খাদ্য ৰান্ধি মাতৃক পৰিবেশন কৰিব পাৰিব। ইয়াৰোপৰিও চাৰিজন বা তাতকৈ অধিক সদস্যৰ প্ৰতিখন টেবুলতে মাতৃসকলৰ বাবে থাকিব বিনামূলীয়া খাদ্য। তদুপৰি প্ৰতিগৰাকী মাতৃক কৃতজ্ঞতাৰ চিন স্বৰূপে প্ৰদান কৰা হ’ব বিশেষ উপহাৰৰ টোপোলা। অন্যহাতে, দ্য গ্ৰেট কাবাব ফেক্টৰী (টি জি কে এফ)ত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব ‘মাদাৰ্ছ ডে ডিনাৰ’, য’ত মাতৃসকলৰ সন্মানত বিশেষ টেবুল ডি হ’ট (টি ডি এইচ) মেন্যুৰ ব্যৱস্থা কৰা হ’ব। এই সমগ্ৰ আয়োজন সন্দৰ্ভত ৰেডিচন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ অংকুৰ মেহৰোত্ৰাই কয়, ”আমি ভাবো প্ৰতিগৰাকী মাতৃয়েই বিশেষ সন্মানৰ অধিকাৰী, আৰু আমাৰ মাতৃ দিৱস উদযাপন সমগ্ৰ পৰিয়ালটোৰ বাবে এক স্মৰণীয় অভিজ্ঞতা সৃষ্টি কৰিবলৈ প্ৰস্তুত কৰা হৈছে।’’
তেওঁ পুনৰ কয়, “নৱাবী ফীস্ট হওক বা মাতৃৰ বাবে বিশেষ ব্ৰাঞ্চ আৰু ডিনাৰ হওক, আমাৰ মূল লক্ষ্য হৈছে কেতিয়াও পাহৰিব নোৱাৰা এক সুন্দৰ ৰন্ধন অভিজ্ঞতাৰ সৃষ্টি কৰা।” নৱাবী ফীস্টৰ মূল্য হৈছে প্ৰতিজনৰ বাবে ২২৯৯ টকা + কৰ, আনহাতে কেফে বি ইউৰ মাদাৰ্ছ ডে’ৰ ব্ৰাঞ্চৰ মূল্য হৈছে ২৬৬৯ টকা + কৰ, য’ত মাতৃসকলৰ খাদ্য আৰু শীতল পানীয়ত থাকিব ২০% ৰেহাই। দ্য গ্ৰেট কাবাব ফেক্টৰীত মাদাৰ্ছ ডে’ৰ ডিনাৰৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ২১৯৯ টকা + কৰ, আৰু ইয়াতো মাতৃসকলৰ বাবে থাকিব ২০% ৰেহাই। আসন সংৰক্ষণ এতিয়া আৰম্ভ হৈছে। অধিক তথ্যৰ বাবে ৰেডিছন ব্লু গুৱাহাটীৰ সৈতে ৮৮১১০৯৯৩৮৩ নম্বৰত যোগাযোগ কৰিব পাৰে।