ৰঙিয়া, ১৩ অক্টোবৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক আটক কৰাত আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত ৰঙিয়াৰ খন্দিকৰত এবিএমছুৰ তামুলপুৰ জিলা সমিতিয়ে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীয়ে ৰঙিয়াৰ খন্দিকৰ ৰেল ষ্টেচনত ৰেল অৱৰোধ কৰাৰ লগতে ৰঙিয়া গোৰেশ্বৰ পথত টায়াৰ জ্বলাই পথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ন কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ এবিএমছুৰ তামুলপুৰ জিলা সমিতিয়ে প্ৰয়াত লাফিকুল ইছলাম আহমেদৰ হত্যাৰ দুমাহ উকলি যোৱাৰ পিছতো প্ৰশাসনে হত্যাকাৰীক আটক কৰাত ব্যৰ্থ হোৱাত কঠোৰ ভাষাৰে সমালোচনা কৰে৷ লগতে শীঘ্ৰে লাফিকুল হত্যাকাৰীক আটক কৰিব নোৱাৰিলে ৰাজ্যজুৰি ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।