নিউজ ডেস্ক, ১৮ মে’, ২০২৪ : চলিত ১৭ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) আজি নিশা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজৰ নকআউট মেচখনত ৰয়েলছ দলক সমৰ্থন দিবলৈ জয়পুৰৰ পৰা এটা দুশ জনীয়া শিক্ষাৰ্থীৰ দল আহমেদাবাদলৈ আহিছে৷ ৰয়েলছ ফেন এক্সপ্ৰেছৰ সদস্যৰ দলটোৱে বাৰ ঘণ্টাৰ বাছ যাত্ৰা কৰি মৰণপণ প্লে-অফ মেচখনত নিজৰ মৰমৰ দলটোক ষ্টেডিয়ামত উপস্থিত থাকি উৎসাহিত কৰাৰ বাবে এই আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ আহমেদাবাদলৈ অহা ছাত্ৰ-ছাত্ৰীসকল জয়পুৰৰ পূৰ্ণিমা বিশ্ববিদ্যালয়ৰ৷

জয়পুৰৰ যাত্ৰাৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলে প্লেকাৰ্ড আৰু বেনাৰ লৈ ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছন, অ’পেনাৰ যশস্বী জয়ছৱাল, অল-ৰাউণ্ডাৰ ৰিয়ান পৰাগকে ধৰি তেওঁলোকৰ প্ৰিয় খেলুৱৈসকলৰ সমৰ্থন প্ৰদৰ্শন কৰা দেখা গৈছিল৷ উল্লেখ্য যে এইবাৰ ৰাজস্থান ৰয়েলছ পুনৰ প্লে-অফলৈ যোগ্যতা অৰ্জন কৰাৰ বাবেই ২০২২ ৰ পাছত পুনৰ দলটোৱে ৰয়েলছ ফেন এক্সপ্ৰেছ অনুৰাগীৰ বাবে মুকলি কৰিছে৷ ৰয়েলছ ফেন এক্সপ্ৰেছ পুনৰ প্ৰৱৰ্তনৰ আঁৰৰ চিন্তাধাৰাৰ বিষয়ে মন্তব্য কৰি ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰামে কয় ‘আমি ৰয়েলছ ফেন এক্সপ্ৰেছ পুনৰ প্ৰৱৰ্তন কৰি ৰোমাঞ্চিত হৈছো৷ এইবাৰ জয়পুৰৰ পৰা দুশ গৰাকী ভাগ্যৱান ছাত্ৰ-ছাত্ৰীক আহমেদাবাদলৈ আনি তেওঁলোকক খেলপথাৰত গুৰুত্বপূৰ্ণ মেচখন উপভোগ কৰাৰ লগতে আমাক সমৰ্থন কৰাৰো সুযোগ দিছো৷ চলিত আই পি এল ছিজনত জয়পুৰৰ পূৰ্ণিমা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আমাক ঘৰুৱা মেচত অপৰিসীম সমৰ্থন দিছিল৷ সেয়ে আমি এই সুযোগ তেওঁলোকক দি আনন্দিত হৈছো৷’

ইফালে, আজিৰ প্লে-অফ মেচখনক লৈ ৰাজস্থান ৰয়েলছে দলটোৰ অনুৰাগীৰ বাবে অনলাইনত মেগা প্ৰতিযোগিতাও আৰম্ভ কৰিছিল৷ এই প্ৰতিযোগিতাৰ সৌভাগ্যবান বিজয়ীক দলটোৱে প্লে-অফ মেচখন উপভোগ কৰাৰ বাবে আহমেদাবাদলৈ নিয়াৰ কথা ঘোষণা কৰিছিল৷ অনুৰাগীৰ অহা-যোৱা তথা থকা-খোৱা খৰছ দলেই বহন কৰাৰ লগতে ৰয়েলছৰ ক্ৰিকেটাৰৰ লগত মত বিনিময় কৰাৰ সুযোগো লাভ কৰিব প্ৰতিযোগিতাৰ বিজয়ী অনুৰাগীয়ে৷ আজিৰ মেচত সেইসকল অনুৰাগীও উপস্থিত থাকে৷ ৰাজস্থান ৰয়েলছৰ অফিচিয়েল পাৰ্টনাৰ এইচ এম ডিৰ দ্বাৰা দলটোৰ সমৰ্থকৰ বাবে এই পদক্ষেপ লোৱা হয়৷