নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ, ২০২৪ : ৰে’লৱে সুৰক্ষা আৰু ৰে’ল পৰিচালনৰ দক্ষতা অধিক উন্নত কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ইয়াৰ সমগ্ৰ নেটৱৰ্কত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আন্তঃগাঁথনি, সুৰক্ষা আৰু অংশীদাৰসকলক প্ৰদান কৰা সেৱা উন্নত কৰাৰ দিশত অবিৰত প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি এই পদক্ষেপসমূহ কাৰ্যকৰী কৰা হৈছে।

এনে এক পদক্ষেপৰ অংশ ৰূপে উত্তৰ পূব সীমান্ত ৰে’লৱেই ছেপ্টেম্বৰ ২০২৪ ৰ দ্বিতীয়াৰ্ধত, কাটিহাৰ মণ্ডলৰ অধীনৰ ৰঙাপানী ষ্টেচনৰ গুৰুত্বপূৰ্ণ উন্নীতকৰণৰ কাম আৰম্ভ কৰিবলৈ সাজু হৈছে। এই কাৰ্যসমূহৰ ভিতৰত ট্ৰেক আন্তঃগাঁথনি, সংকেত ব্যৱস্থাৰ তাৎপৰ্যপূৰ্ণ বিকাশৰ লগতে নুমলীগড় শোধনাগাৰ (এনআৰএল) চাইডিঙৰ উন্নীতকৰণ অন্তৰ্ভূক্ত আছে, যি হৈছে মালবাহী ৰেলযোগে পেট্ৰ’লিয়াম তেল আৰু লুব্ৰিকেণ্ট (পি.ও.এল.) লোডিং পৰিবহন কৰাৰ বাবে এক অত্যাৱশ্যকীয় ব্যক্তিগত মালবাহী টাৰ্মিনেল।

ৰঙাপানীৰ এনআৰএল চাইডিঙে চলিত বিত্তীয় বৰ্ষৰ আগষ্ট ২০২৪ পৰ্যন্ত ১৫৮ খন ৰেকৰ লোডিঙেৰে লক্ষ্যনীয় কামকাজ প্ৰত্যক্ষ কৰিছে, যি উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বাবে প্ৰায় ৪৭.৪০ কোটি টকাৰ ৰাজহ উপাৰ্জনক অৰিহনা যোগাইছে আৰু যি পূৰ্ব বছৰৰ তুলনাত ৭৬.৪১% (আনুমাণিক) বৃদ্ধিক প্ৰতিফলিত কৰিছে। ইয়াৰ উপৰিও এই একেই সময়তে টাৰ্মিনেলত ০৫ খন ৰেক আনলোড কৰা হয়। চাইডিঙৰ দক্ষতা আৰু অধিক শক্তিশালী কৰিবলৈ, এক অতিৰিক্ত লোডিং লাইন নিৰ্মাণৰ কামো চলি আছে আৰু মালবাহী ৰে’লসমূহৰ সুগম প্ৰাপ্তকৰণ আৰু প্ৰেৰণৰ সুবিধাৰ বাবে লেআউট এডজাষ্টমেণ্ট কৰা হৈছে। গুৰুত্বপূৰ্ণভাৱে, য়াৰ্ডৰ সকলো মেনুৱেল শ্বান্টিং অপসাৰণ কৰা হ’ব, বৰ্ধিত পৰিচালন নিয়ন্ত্ৰণৰ বাবে শ্বান্ট চিগনেলৰ দ্বাৰা সলনি কৰা হ’ব।

একেসময়তে, উত্তৰ পূব সীমান্ত ৰে’লৱে ৰঙাপানী ষ্টেচন য়াৰ্ডত বহুতো উন্নয়নমূলক কামকাজ ৰূপায়ন কৰি আছে। নতুনকৈ স্থাপন কৰা ট্ৰেক এটাৰ সৈতে লাইন নং ৫ আৰু ৬ ৰ সংযোগৰ সৈতে চাৰিটা নতুন পইণ্ট প্ৰৱৰ্তনৰ ধাৰা পইণ্ট আৰু ক্ৰছিং ব্যৱস্থাৰ পৰিৱৰ্তন ইয়াত অন্তৰ্ভূক্ত আছে। এই বৰ্ধিত সুবিধাসমূহে ৰঙাপানী আৰু নিউ জলপাইগুড়ী ষ্টেচনত ৰে’লৰ অৱৰোধ হ্ৰাস কৰা আৰু উভয় টাৰ্মিনেলত মালবাহী ৰেলৰ চলাচল বৃদ্ধি কৰা, ৰে’ল চলাচলৰ ক্ষেত্ৰত সুৰক্ষা আৰু দক্ষতা উন্নত কৰি লাইন নং. ৫, ৬, ৮, ৯, ১০, ১১ আৰু ১২ ৰ পৰা চিগনেলৰ জৰিয়তে উভয় টাৰ্মিনেলত মালবাহী ৰে’লৰ চলাচল বৃদ্ধি কৰাৰ বাবে ৰে’লৰ পোনপটীয়া প্ৰাপ্তকৰণ আৰু প্ৰেৰণৰ বাবে সুবিধা প্ৰদান কৰিব।

কেৱল যোৱা তিনি মাহত, ৰঙাপানী টাৰ্মিনেলে ছয়খন ৰেক লোড কৰিছে, যাৰ পৰিণামস্বৰূপে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বাবে প্ৰায় ৩৮.২ লাখ টকা ৰাজহ উপাৰ্জন হৈছে। তদুপৰি, ৰে’লৰ কাম-কাজ উন্নত কৰাৰ বাবে ৰঙাপানী ষ্টেচনত কম্পিউটাৰ-আধাৰিত ভিডিইউ (ভিজুৱেল ডিচপ্লে ইউনিট) পেনেলৰ সৈতে এক আধুনিক ইলেক্ট্ৰনিক ইণ্টাৰলকিং প্ৰণালী আৰম্ভ কৰা হৈছে।।সুৰক্ষাৰ মানদণ্ড আৰু কাৰ্যকৰী দক্ষতাত উৎকৃষ্টতা নিশ্চিত কৰিবলৈ আৰু মালবাহী আৰু যাত্ৰী সেৱাৰ ক্ষেত্ৰত দেশ আৰু সংশ্লিষ্ট অঞ্চল উভয়কে সুবিধা প্ৰদান কৰিবলৈ নিৰন্তৰ উন্নতিৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱে সদায় প্ৰতিশ্ৰুতিবদ্ধ।