মালিগাঁও, ২৭ মে’ ২০২৬ : যাত্ৰী স্বাচ্ছন্দ্য আৰু স্বাস্থ্যবিধিৰ মান উন্নত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) কাটিহাৰ মণ্ডলৰ অধীনত ৰৌতাৰা ষ্টেচনত এক অত্যাধুনিক বুট লণ্ড্ৰী সুবিধা স্থাপন কৰিছে। প্ৰতিদিনে ২৪ টন প্ৰক্ৰিয়াকৰণ ক্ষমতাসম্পন্ন এই সুবিধাই কাটিহাৰ মণ্ডলত সম্পূৰ্ণৰূপে লিনেন ধোৱাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে ব্যস্ত ভ্ৰমণৰ সময়তো পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ বেডৰ’লৰ অবিৰত যোগান নিশ্চিত কৰি তুলিব।
এই অত্যাধুনিক লণ্ড্ৰীয়ে কাটিহাৰ মণ্ডলৰ অধীনৰ আম্ৰপালী এক্সপ্ৰেছ আৰু চম্পাৰণ হামছফৰ এক্সপ্ৰেছ সহিত অন্যান্য ৰে’লসমূহৰ বাবে অতি উন্নতমানৰ ধোৱা আৰু উচ্চমানৰ লিনেন প্ৰদান কৰিব। উন্নত স্বয়ংক্ৰিয় যন্ত্ৰপাতিৰে সজ্জিত এই সুবিধাই ১০০ শতাংশ দাগমুক্ত লিনেনৰ ধোৱা নিশ্চিত কৰি যাত্ৰী স্বাচ্ছন্দ্য বৃদ্ধি কৰিব আৰু ৰে’ল যাত্ৰাৰ সময়ত স্বাস্থ্যবিধি আৰু লিনেনৰ গুণগত মান সম্পৰ্কীয় অভিযোগসমূহ হ্ৰাস কৰি তুলিব।
এই সম্পূৰ্ণ যান্ত্ৰিক লণ্ড্ৰী পদ্ধতিয়ে বৃহৎ পৰিমাণৰ লিনেন অতি দক্ষতাৰে ধোৱাৰ লগতে পানী, বিদ্যুৎ, বাষ্প আৰু ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ সৰ্বোত্তম কৰিব। এই লিনেন ধোৱা প্ৰক্ৰিয়া মলিন লিনেনৰ ওজন লৈ স্বয়ংক্ৰিয় কনভেয়াৰ চিষ্টেমত ভৰোৱাৰ জৰিয়তে আৰম্ভ হয়। কম্পিউটাৰ নিয়ন্ত্ৰিত পদ্ধতিৰে লিনেনসমূহ টানেল বেচ ৱাশ্বাৰত ভৰোৱা হয় যাতে ইয়াৰ ৱাশ্বিং সম্পূৰ্ণ আৰু পৰিষ্কৰণ হয়।
ধোৱাৰ পিছত ৰ’বটিক ফিডিং চিষ্টেমৰ দ্বাৰা লিনেনসমূহক স্বয়ংক্ৰিয়ভাৱে ৱাশ্বাৰৰ পৰা ড্ৰায়াৰলৈ স্থানান্তৰিত কৰা হয়। ইয়াৰ পিছত হাইড্ৰ’লিক প্ৰেছিং ব্যৱস্থাৰ জৰিয়তে পানী নিষ্কাশন কৰা হয় যাতে আৰ্দ্ৰতা সৰ্বাধিক অপসাৰণ কৰিব পৰা যায়। তাৰ পিছত লিনেনসমূহ শ্বাটল কনভেয়াৰৰ মাজেৰে অতিক্ৰম কৰি ইণ্ডাষ্ট্ৰিয়েল ড্ৰায়াৰত শুকোৱা হয়।
ইয়াৰ পিছত লিনেনসমূহ উন্নত আয়ৰণিং আৰু স্বয়ংক্ৰিয় ফ’ল্ডিং যন্ত্ৰৰ মাজেৰে অতিক্ৰম কৰি ইয়াৰ ফিনিচিং আৰু উপস্থাপন নিশ্চিত কৰা হয়। কঠোৰভাৱে গুণগত মান বজাই ৰাখিবলৈ হোৱাইটনেছ মিটাৰ ব্যৱহাৰ কৰি প্ৰেৰণৰ পূৰ্বে লিনেনৰ পৰিচ্ছন্নতা আৰু উজ্জ্বলতা পৰীক্ষা কৰা হয়। শেষত লিনেন ছেটসমূহ স্বাস্থ্যসন্মতভাৱে পেক কৰি সংশ্লিষ্ট ৰে’লসমূহলৈ যোগান ধৰা হয়।
বৰ্তমানে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত ৮ খন যান্ত্ৰিক লণ্ড্ৰী কাৰ্যক্ষম হৈ আছে। ইয়াৰ উপৰিও কামাখ্যাৰ বৰ্তমান যান্ত্ৰিক লণ্ড্ৰীৰ ক্ষমতা ৪ টনৰ পৰা ৬ টনলৈ বৃদ্ধি কৰা হৈছে, যিয়ে অঞ্চলটোৰ উন্নত লিনেন সেৱাৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰাত অধিক শক্তিশালী কৰিছে। এই উন্নত বুট লণ্ড্ৰী সুবিধাৰ আৰম্ভণিয়ে কাটিহাৰ মণ্ডলত যাত্ৰী সেৱা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যবিধি আৰু স্বাচ্ছন্দ্যৰ উচ্চ মান বজাই ৰখাৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এক অন্যতম উল্লেখযোগ্য পদক্ষেপ।
