নগাঁও, ৫ জানুৱাৰী, ২০২৪ : এইবাৰ জনাঞ্চলত ঢেঁকীয়াপতিয়া বাঘ (Tiger Terror)। এজন লোক নিহত হোৱাৰ লগতে আন এজন লোক আহত হয় ঢেঁকীয়াপতিয়া বাঘৰ আক্ৰমণত। আহত লোকজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক। ঢেঁকীয়াপতিয়া বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ স্থাপন কৰা হৈছে পিঞ্জৰা। এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে অঞ্চলটোত। হাতে হাতে লাঠি, জোং লৈ ওলাই আহিছে ৰাইজ।

ৰাজ্যত অব্যাহত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত। উজনিৰ পৰা নামনিলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায়ে দেখিবলৈ পোৱা যায় বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। বনৰীয়া হাতী আৰু মানুহৰ সংঘাত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৰাজ্যত। এই সংঘাতৰ ফলত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহু লোকে। বনৰীয়া হাতী আৰু মানুহৰ মাজত সঘনাই সংঘটিত হৈ থকা সংঘাতৰ মাজতে এইবাৰ ঢেঁকীয়াপতিয়া বাঘৰ সন্ত্ৰাসত আতংকিত হৈ পৰিছে এটা অঞ্চলৰ ৰাইজ।

বনাঞ্চল ধ্বংসৰ ভয়াবহ পৰিনাম ভুগিছে ৰাজ্যবাসী। কেতিয়াবা যদি বনৰীয়া হাতী আৰু মানুহৰ সংঘাত, কেতিয়াবা আকৌ নাহৰফুটুকী বাঘ বনাঞ্চলৰ পৰা ওলাই আহি প্ৰৱেশ কৰে জনাঞ্চলত। এইবাৰ ঢেঁকীয়াপতিয়া বাঘৰ সন্ত্ৰাস নগাঁও জিলাত। বনাঞ্চলৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেঁকীয়াপতিয়া বাঘ জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে এক আতংকময় পৰিস্থিতিৰ। ঢেঁকীয়াপতিয়া বাঘটোৰ আক্ৰমণত এজন লোক নিহত সোৱৱৰে লগতে অহাত হৈছে আন এজন লোক।

শুকুৰবাৰে পুৱাৰ ভাগতে নগাঁও জিলাৰ ননৈত ঢেঁকীয়াপতিয়া বাঘৰ আক্ৰমণত নিহত হৈছে এজন লোক। পুৱা ৬ মান বজাত ননৈৰ ভেলাইগাঁৱত নিজ ঘৰৰ চোতালতে ঢেঁকীয়াপতিয়া বাঘটোৰ আক্ৰমণত নিজত হয় আদিত্য শইকীয়া নামৰ এজন লোক। আনহাতে ঢেঁকীয়াপতিয়া বাঘটোৰ আক্ৰমণত সত্য ফুকন নামৰ আন এজন লোক গুৰুত্বৰভাৱে আহত হয়। আহত সত্য ফুকনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে।

ইয়াৰ পিছতে হাতে হাতে লাঠি, জোংলৈ ওলাই আহে গাঁওখনৰ ৰাইজ। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ঢেঁকীয়াপতিয়া বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ পিঞ্জৰা স্থাপন কৰিছে। দ্ৰোণ কেমেৰাৰ জৰিয়তে বন বিভাগে ঢেঁকীয়াপতিয়া বাঘটোৰ সন্ধান চলাই আছে যদিও ঢেঁকীয়াপতিয়া বাঘটো বনাঞ্চললৈ ঘূৰি যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ঢেঁকীয়াপতিয়া বাঘটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ আশংকা প্ৰকাশ কৰিছে বন বিভাগে।