নিউজ ডেস্ক, ৬ জানুৱাৰী, ২০২৪ : যাত্ৰীবাহী ৰে’লত অগ্নিসংযোগৰ ভয়ংকৰ ঘটনাত। অগ্নিদগ্ধ হৈ ৫ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহু যাত্ৰী। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত (Bangladesh Burning Train)। নিৰ্বাচনৰ ২ দিন পূৰ্বে বাংলাদেশত হিংসাত্মক পৰিৱেশ গঢ় লৈ উঠিছে। শুকুৰবাৰে নিশা বাংলাদেশৰ ৰাজধানী ঢাকাত দুৰ্বৃত্তই এখন ৰে’লত অগ্নিসংযোগ কৰে। ফলত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু যাত্ৰী আহত হয়।

নিশা ৯.০৫ বজাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। অগ্নিকাণ্ডৰ খবৰ লাভ কৰি ৭খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। ঘটনাৰ পিছতে এক বিবৃতি জাৰি কৰি বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই ঘটনাই স্পষ্ট কৰি দিয়ে যে নিৰ্বাচনৰ বিৰোধিতা কৰা ৰাইজে যিকোনো প্ৰকাৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব বিচাৰে। ইফালে ঢাকা আৰক্ষী আয়ুক্ত মহিনুদ্দিনে কয় যে বাংলাদেশত শান্তিপূৰ্ণ নিৰ্বাচন নিবিচৰাসকলৰ এই কাৰ্য।

স্থানীয় সংবাদ মাধ্যমৰ পৰা পোৱা তথ্য অনুসৰি ৰে’লখনত ভাৰতৰ একাংশ যাত্ৰীও আছিল। পশ্চিম জেছ’ৰ চহৰৰ পৰা ঢাকা অভিমুখে গৈ আছিল ৰে’লখন। দুষ্কৃতিকাৰীয়ে প্ৰথমে এটা বগীত জুই লগাইছিল যদিও লাহে লাহে জুই ৫ টা বগীলৈ বিয়পি পৰে। ইয়াৰ পূৰ্বে ১৯ ডিচেম্বৰত এখন ৰে’লত অগ্নিসংযোগ কৰা হৈছিল য’ত ৪ জন লোকৰ মৃত্যু হৈছিল। উল্লেখ্য যে, এইবাৰ বাংলাদেশৰ সাধাৰণ নিৰ্বাচন বিৰোধীয়ে বৰ্জন কৰিছে।

এনে পৰিস্থিতিত একেৰাহে পঞ্চমবাৰৰ বাবে ক্ষমতা দখল কৰিব পাৰে শ্বেখ হাছিনাই। ২০০৯ চনৰ পৰা হাছিনাই দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তথ্য অনুসৰি বাংলাদেশত মুঠ ৩৫০ খন আসন আছে। ইয়াত মহিলাৰ বাবে ৫০ খন আসন সংৰক্ষিত। বাংলাদেশৰ সংসদক হাউচ অৱ নেচন বুলিও কোৱা হয়। উল্লেখ্য যে, সাধাৰণ নিৰ্বাচনকলৈ বাংলাদেশত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছে।