ছয়গাঁও, ২৪ এপ্ৰিলঃ কামৰূপ জিলাৰ ছয়গাওঁ বিধানসভাৰ সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডত ৫৭ কোটি টকাৰ ব্যাপক দুৰ্নীতি সংঘটিত কৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰুমী ওৰফে ৰেজিনা ভূঞাৰ বিৰুদ্ধে পঞ্চায়তৰ ৮ জন সদস্যৰ ৭ জনেই আস্থাৰ ভোট প্ৰদান কৰি সভানেত্ৰীক পদৰ পৰা অপসাৰন কৰে৷ ইয়াৰ পিছতেই থৰকা-ছুটি হেৰুৱাইছে গৰৈমাৰী উন্নয়ন খণ্ডৰ প্ৰাক্তন সভানেত্ৰী ৰুমী ওৰফে ৰেজিনা ভূঞাই৷ ৰুমী ওৰফে ৰেজিনা ভূঞাই বাতাহিদিয়া গাওঁ পঞ্চায়তৰ পৰা আঞ্চলিক সদস্যা হিচাপে নিৰ্বাচিত হৈয়ে কংগ্ৰেছ দল ত্যাগ কৰি এআইইউডিএফ দলৰ একাংশ সদস্য-সদস্যাক লৈ গৰৈমাৰী আঞ্চলিক পঞ্চায়ত গঠন কৰে৷ ৰুমীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই গৰৈমাৰী উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি সংঘটিত কৰে৷ আঞ্চলিক পঞ্চায়তৰ একাংশ সদস্য-সদস্যাই ৰেজিনা ভূঞাৰ দুৰ্নীতিৰ বিৰুদ্ধে থিয় দিয়াত ৰেজিনাই ছয়গাওঁৰ বিধায়ক তথা গৰৈমাৰী উন্নয়ন খণ্ডৰ তদাৰক কমিটিৰ সভাপতি ৰেকিবুদ্দিন আহমেদৰ শৰণাপন্ন হৈ উন্নয়ন খণ্ডটোত ৫৭ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰে৷ অসমৰ বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতেই গৰৈমাৰীৰ এটা বে-চৰকাৰী সংস্থাই ৰুমী ওৰফে ৰেজিনা ভূ়ঞাসহ কেইবাজনো পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৫৭ কোটি টকাৰ কেলেংকাৰীৰ তদন্ত বিচাৰি ছয়গাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰে৷ গোচৰৰ ভিত্তিত আৰক্ষীয়ে পঞ্চায়তৰ ৫ জন প্ৰতিনিধিক আটক কৰে৷ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী গৰাকীয়ে আৰক্ষীৰ হাতত পৰা ভয়ত কিছুদিন আত্মগোপন কৰি পুনৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰে৷ ক্ষমতাৰ ৰাগীত মতলীয়া হৈ ৰেজিনাই পুনৰাই ৰেকিবুদ্দিন আহমেদৰ লগ হৈ উন্নয়ন খণ্ডটোত দুৰ্নীতি অব্যাহত ৰাখে৷ ইতিমধ্যে ছয়গাঁও আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ অধীনত ৪০৯/৪৬৮/৪২০/৩৪ ধাৰা আৰু ৪৭৩/১৬ গোচৰ ৰুজু থকাৰ পিছতো ৰেজিনাই ৰাস্তা-ঘাট, চাকৰি দিয়াৰ নামতো বিভিন্ন জনৰ ধন সংগ্ৰহ কৰে৷ ৰেজিনাৰ দুৰ্নীতিত অতিষ্ঠ হৈ আঞ্চলিক পঞ্চায়তৰ সদস্য-সদস্যাসকলে অনাস্থাৰ প্ৰস্তাব অনাত তেওঁ আদালতৰ দাৰস্থ হয়৷ ন্যায়ালয়ে আস্থাৰ ভোটৰ সপক্ষে ৰায়দান কৰাত যোৱা ১৮ এপ্ৰিলত কামৰূপ জিলা পৰিষদৰ কাৰ্য্যালয়ত আনাস্থা সভা আৰু আস্থাৰ ভোট অনুষ্ঠিত হয়৷ আস্থাৰ ভোটত পঞ্চায়তৰ ৮ জন সদস্যৰ ৭ জনেই ৰেজিনাৰ বিৰুদ্ধে ভোটদান কৰি অগপ দলৰ জাকিৰ হুছেইনক গৰৈমাৰী আঞ্চলিক পঞ্চায়ত সভাপতি হিচাপে নিৰ্বাচিত কৰে৷ গৰৈমাৰী আঞ্চলিক পঞ্চায়ত সভাপতি পদৰ পৰা অপসাৰণ পিছৰে পৰা ৰেজিনাই অগপ-বিজেপি দলৰ মাজত সংঘাত সৃষ্টিৰ উদ্দেশ্যে একাংশ সাধাৰণ লোকক গাওঁ পঞ্চায়তৰ ভূৱা সভাপতি সজাই দুৰ্নীতি নিবাৰক শাখাত গোচৰ তৰে৷ তথ্যমতে হাতীশলা ভলুকাৱাড়ী গাঁও পঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইনৰ পৰিবৰ্ত্তে আব্দুল কাইয়ুঁম, টুক্ৰাপাৰা গাঁও পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনৰ পৰিবৰ্ত্তে সাজিনা আহমেদ, জোৰশিমুলী গাঁও পঞ্চায়তৰ সভাপতি চেকান্দাৰ আলীৰ পৰিবৰ্ত্তে নিজামুদ্দিন আৰু বাতাহিদিয়া গাঁও পঞ্চায়তৰ সভাপতি শ্বাজাহান আলিৰ পৰিবৰ্ত্তে মৰিয়ম খাতুনক ভূৱা সভাপতি সজাই গোচৰ ৰুজু কৰিছে বুলি গৰৈমাৰী আঞ্চলিক পঞ্চায়ত ভৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইনে এক বিবৃতিত জানিবলৈ দিয়ে৷ তেওঁ লগতে ছয়গাওঁ প্ৰাক্তন মন্ত্ৰী কমলা কলিতাৰ নামতো দুৰ্নীতি নিবাৰক শাখাত ভূৱা গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিয়ে৷