নিউজ ডেস্ক, ২৭ মে’, ২০২৪ : পশ্চিম বংগত বিজেপিয়ে কমেও ৩২ খন আসন জিকিব বুলি নিৰ্বাচনী প্ৰচাৰৰ মাজতে সৰ্বানন্দ সোণোৱালৰ (Sarbananda Sonowal) মন্তব্য। পশ্চিম বংগত ‘জংঘলৰাজ, গুণ্ডাৰাজ’ৰ অভিযোগ উৎসাপন কৰি তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে সৰ্বানন্দ সোণোৱালে। সৰ্বাংগীণ উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈ জনতাক আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। 

মোদীৰ গেৰাণ্টিয়ে পশ্চিম বংগক শান্তি-প্ৰগতি-সমৃদ্ধিৰ দিশে ধাৱমান কৰিব বুলি নিৰ্বাচনী প্ৰচাৰত মন্তব্য প্ৰকাশ কৰাৰ সৰ্বানন্দ সোণোৱালে। উত্তৰ কলকাতা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে দম দম লোকসভা আৰু দক্ষিণ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আৰু কাৰ্যকৰ্তাসকলৰ সৈতেও সভাত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। 

নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ‘বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম’ৰ সমন্বয়ৰ পৰা শিক্ষা ল’বলৈ আহ্বান জনায় সৰ্বানন্দ সোণোৱালে। “দুৰ্ভাগ্যজনক যে বংগৰ মহিলাসকলে তৃণমূল কংগ্ৰেছৰ স্বৈৰাচাৰী শাসনকালত ভাবুকি পাইছে। এগৰাকী মহিলা নেতৃত্বত থকা তৃণমূল কংগ্ৰেছ চৰকাৰৰ ঘৃণনীয় কাণ্ডৰ কথা চৌদিশে ফাদিল হৈছে” এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

লোকসভাৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ ক্ষিপ্ৰতৰ কৰি তোলে। উত্তৰ কলকাতা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তাপস ৰয়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায় সৰ্বানন্দ সোণোৱালে। আনহাতে দম দম লোকসভা আৰু দক্ষিণ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আৰু কাৰ্যকৰ্তাসকলৰ সৈতেও সভাত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

মোদী মেজিকৰ ফলত বিজেপিয়ে পশ্চিম বংগৰ পৰা ৪২ খন আসনৰ ভিতৰত কমেও ৩২ খন আসন জিকিব বুলি সৰ্বানন্দ সোণোৱালে মত প্ৰকাশ কৰে।উত্তৰ কলকাতা লোকসভা সমষ্টিৰ নিৰ্বাচনী জনসভাত ভাষণ দি বিজেপি নেতা সৰ্বানন্দ সোণোৱালে কয়, “পশ্চিম বংগৰ গৌৰৱৰ দিনবোৰ এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে কিয়নো তৃণমূল কংগ্ৰেছ আৰু বামপন্থী দলসমূহৰ দশক দশকজোৰা অপশাসন, ভ্ৰষ্টাচাৰ, জংঘলৰাজে পশ্চিম বংগত ধ্বংসযজ্ঞ চলাই আহিছে। বংগৰ এই পুণ্যভূমি, য’ৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসু, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, ক্ষুদিৰাম বোস, স্বামী বিবেকানন্দ আদিৰ দৰে বহু মহান বীৰ-বীৰাঙ্গনা, মনীষীয়ে অতুলনীয়।