সোনাপুৰ, সংবাদ ৩৬৫, ২৫ আগষ্ট : মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোনাপুৰৰ গোমৰীয়া পথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱাকালি নিশা সংঘটিত হোৱা এক চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনাই ইতিমধ্যে সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা দেখা গৈছে৷

ঘটনাৰ বিৱৰণী অনুসৰি ৰাতিপুৱা প্ৰায় ৫ মান বজাত স্হানীয় লোকসকলে প্ৰাতঃভ্ৰমন অহাত বিদ্যালয়ৰ দুখনকৈ দৰ্জা খোল খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰি বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে আৰু ততাতৈয়াকৈ বিদ্যালয় কৰ্তৃপক্ষৰ লোক আহি বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি দেখে যে ইতিমধ্যে চোৰে বিদ্যালয়ৰ কম্পিউটাৰ কোঠাৰ পৰা ৫ টাকৈ মনিটৰ, দুটা চি পি ইউ ,এটা স্কেনাৰ মেচিন, চাৰিটাকৈ ইউ পি এছৰ লগতে প্ৰিন্টাৰ সহ জেনেৰেটৰ লৈ উধাও হয় ৷

পিছত স্হানীয় সোনাপুৰ আৰক্ষীৰ লোক আহি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে চুৰৰ কোনো সম্ভেদ উলিয়াব সক্ষম হোৱা নাই৷স্হানীয় ৰাইজৰ দাবী যে বিগত ৩ ৪ মাহৰ পৰা এই অঞ্চলত টাৱাৰৰ বেটাৰী চোৰ ,চিলনী চোৰ,লগতে বেংকৰ গ্ৰাহকৰ পৰা পইচা কাঢ়ি নিয়া ঘটনা সঘনাই সংঘটিত হৈ আছে যদিও আজিকোপতি আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কোনো পদক্ষেপ লব পৰা নাই যাৰ পৰিনতিত এনেবোৰ ঘটনা অঞ্চলটোত সঘনাই সংঘটিত হৈ থকা দেখা গৈছে ।