গুৱাহাটী, ৩০ জুন, ২০২৬ : জলবায়ু পৰিবৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰিছে উত্তৰ-পূৰ্বাঞ্চলত। এফালে অসমত ভিন্ন প্ৰান্তত বৰষুণৰ পৰিমাণ পূৰ্বৰ তুলনাত হ্ৰাস পোৱাত উৎকট গৰমে দহিছে, আনফালে কিছু অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ৭ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Seven District Under Flood Water)। বঙাইগাঁও, ধেমাজি, চিৰাং, ডিব্ৰুগড়, নলবাৰী, বিশ্বনাথ আৰু লখিমপুৰত তাণ্ডৱলীলা চলাইছে বানে।

বানৰ ফলত প্ৰভাৱিত হৈছে ৰাজ্যৰ ৪৫ হাজাৰ ৮৩৯ জন লোক। বানৰ ফলত সর্বসাধিক লোক প্ৰভাৱিত হৈছে ধেমাজি আৰু আৰু ডিব্ৰুগড় জিলাত। ধেমাজি জিলাত ৪১ হাজাৰ ৮ জন লোক প্ৰভাৱিত হৈছে। ৰাজ্যৰ ৪২৭৮.৫২১৩ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত। বানৰ বাঢ়নী পানীয়ে তাণ্ডৱলীলা চলাইছে ৰাজ্যৰ কেইবাখনো জিলাত। বিশেষকৈ ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে বাঢ়নী পানীত।

বানৰ কবলত পৰা অঞ্চল সমূহত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নিৰাপদ স্থানৰ সন্ধানত ঘৰ এৰি পলায়ন কৰিছে বান প্ৰভাৱিত বহু লোকে লোকে। ইফালে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰি বুৰাই পেলাইছে বহু লোকৰ ঘৰ। পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে নদী-উপনদী সমূহৰ পানী বৃদ্ধি পোৱাত ৰাজ্যৰ ৭ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে।

ৰাজ্যৰ বান প্ৰভাৱিত জিলা কেইখনৰ ১৪ টা ৰাজহ চক্ৰৰ ২৫৭ খনকৈ গাঁও বাঢ়নী পানীতৰ তলত আছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বানপানী আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ৰাজ্যখনৰ লগতে অসমত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অৰুণাচল প্ৰদেশত নিম্ন ছিয়াং জিলত ভূমিস্খলনৰ ফলত ছিজি নদীৰ প্ৰবাহ বন্ধ হৈ পৰিছে। আনহাতে ডাৱৰ বিস্ফোৰণৰ ফলত বাট-পথ ছিঙি যোৱাত ৰাজ্যখনত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। জিলা প্ৰশাসনে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ লগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।