শিৱসাগৰ, ১৮ এপ্ৰিল, ২০২৪ : দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ (General Election) শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ৷ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণকলৈ সাজু হৈ উঠিছে শিৱসাগৰ জিলা প্ৰশাসন। শুকুৰবাৰে অসমৰ পাঁচটাকৈ লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। শুকুৰবাৰে যোৰহাট, ডিব্ৰুগড়, শোণিতপুৰ, লখিমপুৰ আৰু কাজিৰঙা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

শুকুৰবাৰে দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমৰ পাঁচটাকৈ লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে প্ৰশাসন। শিৱসাগৰতো নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে।

শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত শিৱসাগৰ আৰু ডিমৌ এই দুই বিধানসভা সমষ্টিত সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে সাজু শিৱসাগৰ জিলা আৰু আৰক্ষী প্ৰশাসন৷ শিৱসাগৰ সমষ্টিৰ ২৬৯ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ডিমৌ সমষ্টিৰ ২১২ টা ভোটগ্ৰহণ কেন্দ্ৰসহ মুঠ ৪৮১ টা ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী কাম সম্পন্ন কৰিবৰ বাবে নিয়োগ কৰা হৈছে ২০০০ ৰো অধিক বিষয়া-কৰ্মচাৰী৷ শিৱসাগৰ লোকসভা সমষ্টিত পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হৈছে ৪০০ ৰো অধিক বাহন৷

ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবৰ বাবে মোতেয়েন কৰা হৈছে চি আৰ পি এফ, আই টি বি পিৰ ৮ টা প্লাটন, অসম আৰক্ষীৰ প্ৰথম আৰক্ষী বেটেলিয়ন, পঁচিশতম আৰক্ষী বেটেলিয়ন আৰু চতুৰ্থ আৰক্ষী বেটেলিয়নৰ লগতে শিৱসাগৰ আৰক্ষীৰ বিষয়া আৰু জোৱান৷ শিৱসাগৰ জিলাত যাতে ১০০ শতাংশ ভোটদান নিশ্চিত হয় তাৰ বাবে আশা প্ৰকাশ কৰিছে জিলা আয়ুক্তই।উল্লেখ্য যে শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া পাঁচটা লোকসভা সমষ্টিত ৩৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া পাঁচটা লোকসভা সমষ্টিত আছে মুঠ ১০,০০১ টা ভোটগ্ৰহণ কেন্দ্ৰ। এই পাঁচটা লোকসভা সমষ্টিত আছে মুঠ ৮৬ লাখ ৪৭ হাজাৰ ভোটাৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ তিনি গৰাকী লোকসভাৰ সাংসদ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে ৰাজ্যসভাৰ দুগৰাকী সাংসদ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লোকসভাৰ সাংসদ তিনি গৰাকী হৈছে গৌৰৱ গগৈ, তপন গগৈ আৰু প্ৰদান বৰুৱা। আনহাতে ৰাজ্যসভাৰ সাংসদ দুগৰাকী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা।