আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰ নগৰত অংকিতা দত্তৰ উগ্ৰ ৰূপ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত ক’লা চিঞাহী সানি মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিলে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিত দত্তই। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্যবৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ।

শিৱসাগৰ নগৰত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। শিৱসাগৰ জিলা যুৱ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদৰ সময়ত উগ্ৰ ৰূপ দেশী পোৱা যায় যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ। প্ৰথমে শিৱসাগৰ নগৰৰ পৰিবহণ তিনি আলিৰ এক ৰাজহুৱা হৰ্ডিংত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই ক’লা চিঞাহী সানি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

ইয়াৰ পিছতে শিৱসাগৰ নগৰৰ দ’লমুখ চাৰি আলিত তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰি অংকিতা দত্ত আৰু যুৱ কংগ্ৰেছৰ কর্মী সকলে পৰিৱেশ অধিক উত্তাল কৰি তোলে। উক্ত স্থানতে প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছৰ কর্মী সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে। অংকিতা দত্তই মাতৃ তথা মাতৃৰ গৰ্ভক অপমান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱা ক্ষমা খোজাৰ দাবী জনায়।

প্ৰতিবাদৰ সময়ত যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি প্ৰতিবাদ বন্ধ কৰিবলৈ অহা আৰক্ষীক বাধা প্ৰদান কৰা দেখিবলৈ পোৱা যায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংস মামা আখ্যা দি অংকিতা দত্তই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি ক্ষমা খোজাৰ দাবী জনায়।