সোণাপুৰ, ২২ জুনঃ শিশুৰ সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সোণাপুৰত কিডজীৰ উদ্যোগত গুৱাহাটী আৰু সুচিনী মেডিকজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়৷ সোণাপুৰৰ কিডজীৰ কেন্দ্ৰত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত স্বাস্থ্য পৰীক্ষা শিবিৰত শতাধিক শিশু ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়৷ বিশেষকৈ দাঁত, কাণ, চকু আৰু ডিঙিৰ বিশেষজ্ঞ উপস্থিত থাকি শিশুসকলৰ স্বাস্থ্য পৰীক্ষা কৰে৷ শিবিৰটোত গুৱাহাটীৰ মিডলেণ্ড হস্পিটেলৰ শিশু বিশেষজ্ঞ ডাঃ সৰোজ তিৱাৰী, ডাঃ পামেলা চৌধুৰী, ডাঃ প্ৰমোদ খাণ্ডেলৱাল উপস্থিত থাকি শিশু সকলৰ স্বাস্থ্য পৰীক্ষা কৰে৷