কাজিৰঙা, ২২ ছেপ্টেম্বৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিশা গঁড় হত্যাৰ প্ৰস্তুতি চলাওঁতেই বনৰক্ষীয়ে দুজন চোৰাং চিকাৰীক আটক কৰে। প্ৰাপ্ত তথ্য মতে, চোৰাং চিকাৰী দুজন ক্ৰমে মতিউৰ ৰহমান আৰু নুৰ হুছেইন৷ মৰল গাঁৱৰ জাপুৰী গুৰিৰ পৰা চোৰাংচিকাৰী দুজনক আটক কৰা হয়৷ চিকাৰী দুজনৰ পৰা দুটা ৰাইফল, দুডাল ছাইলেন্সৰ, বিষযুক্ত ধনুকাৰ, ২৫ জাই সজীৱ গুলি, এখন ৰাবাৰ ব’ট, দুটা মবাইল ফোনৰ লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়৷ বৰ্তমান দুয়োজন চোৰাংচিকাৰীক বনকৰ্তৃপক্ষই আৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে যদিও তদন্তৰ আওঁতালৈ অহা নাই অন্য ব্যক্তি। শেহতীয়াকৈ কাজিৰঙাত বানপানীৰ প্ৰভাৱত জীৱ জন্তুৱে তীব্ৰ খাদ্য সংকটত ভূগিব লগা হোৱা সময়তে গঁড় হত্যাৰ বাবে চোৰাং চিকাৰী তৎপৰ হৈ উঠা কাৰ্যই ৰাষ্ট্রীয় উদ্যানৰ প্ৰাণীকুললৈ ভাবুকি কঢ়িয়াই আনিছে।