নিউজ ডেস্ক, ৭ মাৰ্চ, ২০২৫ : হোলীৰ (Holi) উৎসৱৰ বতৰত বৰ্ধিত যাত্ৰীৰ চাহিদা পূৰণ কৰাৰ বাবে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ৮ যোৰা বিশেষ ৰে’ল পৰিচালনা কৰা হ’ব। এই বিশেষ ৰে’লসমূহ নাৰেংগী-গোৰখপুৰ জংচন-নাৰেংগী, কাটিহাৰ-অমৃতসৰ-কাটিহাৰ, কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনেল-কামাখ্যা, ডিব্ৰুগড়-নিউ জলপাইগুড়ী-ডিব্ৰুগড়, নিউ জলপাইগুড়ী-হাওড়া-নিউ জলপাইগুড়ী আৰু আনন্দ বিহাৰ টাৰ্মিনেল-যোগবানী-আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত চলাচল কৰিব।
বিশেষ ৰে’ল নং ০৫৬৩৩ (নাৰেংগী-গোৰখপুৰ জংচন) ৰে’লখন প্ৰতি বৃহস্পতিবাৰে ৬ তাৰিখৰ পৰা ২৭ মাৰ্চ, ২০২৫ লৈ চলাচল কৰিব। একেদৰে, ৰে’ল নং ০৫৬৩৪ (গোৰখপুৰ জংচন-নাৰেংগী) বিশেষ প্ৰতি শুকুৰবাৰে ৭ তাৰিখৰ পৰা ২৮ মাৰ্চ, ২০২৫ লৈ চলাচল কৰিব। বিশেষ ৰে’ল নং ০৫৭৩৪ (কাটিহাৰ-অমৃতসৰ) প্ৰতি বৃহস্পতিবাৰে ৬ তাৰিখৰ পৰা ২৭ মাৰ্চ, ২০২৫ লৈ চলাচল কৰিব। একেদৰে, ৰে’ল নং ০৫৭৩৩ (অমৃতসৰ-কাটিহাৰ) বিশেষ প্ৰতি শনিবাৰে ৮ তাৰিখৰ পৰা ২৯ মাৰ্চ, ২০২৫ লৈ চলাচল কৰিব। বিশেষ ৰে’ল নং ০২৫২৫ (কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনেল) প্ৰতি শুকুৰবাৰে ৭ তাৰিখৰ পৰা ২৮ মাৰ্চ, ২০২৫ লৈ চলাচল কৰিব। একেদৰে, বিশেষ ৰেল নং ০২৫২৬ (আনন্দ বিহাৰ টাৰ্মিনেল-কামাখ্যা) প্ৰতি দেওবাৰে ৯ তাৰিখৰ পৰা ৩০ মাৰ্চ, ২০২৫ লৈ চলাচল কৰিব।
বিশেষ ৰে’ল নং ০৫৭৬২ (ডিব্ৰুগড়-নিউ জলপাইগুড়ী) প্ৰতি শুকুৰবাৰে ১৪ তাৰিখৰ পৰা ২৮ মাৰ্চ, ২০২৫ লৈ চলাচল কৰিব। একেদৰে, বিশেষ ৰে’ল নং ০৫৭৬১ (নিউ জলপাইগুড়ী-ডিব্ৰুগড়) প্ৰতি বুধবাৰে ১২ তাৰিখৰ পৰা ২৬ মাৰ্চ, ২০২৫ লৈ চলাচল কৰিব। বিশেষ ৰে’ল নং ০৫৭৬৪ (ডিব্ৰুগড়-নিউ জলপাইগুড়ী) প্ৰতি দেওবাৰে ১৬ তাৰিখৰ পৰা ৩০ মাৰ্চ, ২০২৫ লৈ চলাচল কৰিব। একেদৰে, বিশেষ ৰে’ল নং ০৫৭৬৩ (নিউ জলপাইগুড়ী-ডিব্ৰুগড়) প্ৰতি শনিবাৰে ১৫ তাৰিখৰ পৰা ২৯ মাৰ্চ, ২০২৫ লৈ চলাচল কৰিব। বিশেষ ৰে’ল নং ০৩০২৮ (নিউ জলপাইগুড়ী-হাওৰা) প্ৰতি বৃহস্পতিবাৰে ১৩ তাৰিখৰ পৰা ২০ মাৰ্চ, ২০২৫ লৈ চলাচল কৰিব। একেদৰে, বিশেষ ৰে’ল নং ০৩০২৭ (হাওৰা-নিউ জলপাইগুড়ী) প্ৰতি বুধবাৰে ১২ তাৰিখৰ পৰা ১৯ মাৰ্চ, ২০২৫ লৈ চলাচল কৰিব। বিশেষ ৰে’ল নং ০৪০০৯ (যোগবানী-আনন্দ বিহাৰ টাৰ্মিনেল) বুধবাৰে ১২ আৰু ১৯ মাৰ্চ, ২০২৫ তাৰিখে চলাচল কৰিব। একেদৰে, ৰে’ল নং ০৪০১০ (আনন্দ বিহাৰ টাৰ্মিনেল-যোগবানী) সোমবাৰে ১০ আৰু ১৭ মাৰ্চ, ২০২৫ তাৰিখে চলাচল কৰিব।
বিশেষ ৰে’ল নং ০৪০২৭ (যোগবানী-আনন্দ বিহাৰ টাৰ্মিনেল) শনিবাৰে ৮, ১৫ আৰু ২২ মাৰ্চ, ২০২৫ তাৰিখে চলাচল কৰিব। একেদৰে, ৰে’ল নং ০৪০২৮ (আনন্দ বিহাৰ টাৰ্মিনেল-যোগবানী) বিশেষ বৃহস্পতিবাৰে ৬, ১৩ আৰু ২০ মাৰ্চ, ২০২৫ তাৰিখে চলাচল কৰিব। এই বিশেষ ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন বাতৰি কাকত আৰু চচিলেয় মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনাইছে।