নিউজ ডেস্ক, ২১ জুলাই, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে কাটিহাৰ আৰু অমৃতসৰৰ মাজত সাপ্তাহিক বিশেষ ৰে’ল (Special Train) সেৱাৰ প্ৰৱৰ্তন। বিদ্যমান গ্ৰীষ্মকালৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ্থে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এযোৰ সাপ্তাহিক বিশেষ ৰে’ল আৰম্ভ কৰাৰ এক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে।

ৰেলখন কাটিহাৰ আৰু অমৃতসৰৰ মাজত উভয় দিশত সাপ্তাহিক ভিত্তিত চাৰিটা ট্ৰিপৰ বাবে চলাচল কৰিব। এই বিশেষ ৰে’লসমূহে বিহাৰ আৰু ভাৰতৰ উত্তৰাঞ্চলৰ মাজত ৰে’ল সেৱা উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু শ্ৰমিকসকলকো উপকৃত কৰাৰ উপৰিও বাণিজ্য আৰু অন্যান্য অৰ্থনৈতিক কাৰ্যকলাপক বৃদ্ধি কৰিব। এই ৰে’লসমূহৰ নিয়মীয়া সেৱাসমূহ নিম্নলিখিত বিৱৰণ অনুসৰি চলাচল কৰিব।

ৰে’ল নং ০৫৭৩৪ (কাটিহাৰ-অমৃতসৰ) বিশেষ ৰে’লখন প্ৰতি বৃহস্পতিবাৰে ২৫ জুলাইৰ পৰা ১৫ আগষ্ট, ২০২৪ লৈ কাটিহাৰৰ পৰা ১১:৪০ বজাত প্ৰস্থান কৰি শনিবাৰে ০০:১০ বজাত অমৃতসৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭৩৩ (অমৃতসৰ-কাটিহাৰ) বিশেষ ৰে’লখন প্ৰতি শনিবাৰে ২৭ জুলাইৰ পৰা ১৭ আগষ্ট, ২০২৪ তাৰিখ পৰ্যন্ত ০৪:২৫ বজাত অমৃতসৰৰ পৰা প্ৰস্থান কৰি দেওবাৰে ১৫:০০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। উভয় দিশত বিশেষ ৰে’লখন নউগচিয়া, মোজফ্পুৰ, নাৰকটিয়াগঞ্জ, গোৰখপুৰ জংচন, গোণ্ডা জংচন, কানপুৰ চেণ্ট্ৰেল, ওল্ড দিল্লী জংচন, চণ্ডিগড় জংচন, জলন্ধৰ চিটি জংচন ইত্যাদি হৈ চলাচল কৰিব।

এই ৰে’লসমূহত যাত্ৰীসকলৰ বাবে দুটা এচি ৩-টায়াৰ, চৈধ্যটা শ্লীপাৰ শ্ৰেণী আৰু চাৰিটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব। এই পথসমূহেৰে যাত্ৰা কৰা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলে গ্ৰীষ্মকালৰ সময়ত এই বিশেষ ৰে’লখনত আৰামদায়ক ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব। এই ৰে’লখনৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত বিৱৰণসমূহ অৱলোকন কৰাৰ বাবে অনুৰোধ কৰা হৈছে।