নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ, ২০২৪ : আজিৰে পৰা নতুন দিল্লীত ৬৩ সংখ্যক সুব্ৰত কাপ (Subrato Cup) আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতাৰ ল’ৰাৰ জুনিয়ৰ শাখাৰ ১৭ বছৰ অনূধ্বৰ্ৰ খেল আৰম্ভ হৈছে৷ প্ৰতিযোগিতাৰ উদ্বোধনী মেচখনত অসমক প্ৰতিনিধিত্ব কৰা গোলাঘাটৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৬-০ গলৰ ব্যৱধানত পৰাস্ত কৰে অৰুণাচল প্ৰদেশৰ পূৱ চিয়াংৰ সৈনিক বিদ্যালয়ক৷
গুৰুগ্ৰামৰ জি ডি গোৱেংকা ৱ’ল্ড স্কুলৰ খেলপথাৰত হোৱা গ্ৰুপ লীগৰ মেচখনত বিজয়ী দলৰ হৈ গল কৰে ৰ’ছন ডংডং (৫২, ৬৯ মিনিট), মদন ৰায় (৩২ মিনিট), বিলিফাং বড়ো (৩৪ মিনিট), পাৰ্থ ডেকা (৫৭ মিনিট) আৰু শুক্ৰ ওৰাঙে (৫৯ মিনিট)৷ উল্লেখ্য যে মুঠ ৩৭ টা দলে অংশ লোৱা প্ৰতিযোগিতাখনত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গ্ৰুপ ‘এ’ স্থান লাভ কৰিছে৷ প্ৰতিযোগিতাৰ সূচী অনুসৰি মুঠ আঠটা গ্ৰুপত বিভক্ত কৰা দলসমুহৰ গ্ৰুপ চেম্পিয়ন দলটোৱে নকআউট কোাৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব৷
অহা ৭ ছেপ্টেম্বৰত কোৱাৰ্টাৰ ফাইনেল আৰু ৯ ছেপ্টেম্বৰত ছেমিফাইনেল অনুষ্ঠিত হোৱাৰ বিপৰীতে ১১ ছেপ্টেম্বৰত আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ ফাইনেল৷ অসম আৰু অৰুণাচলৰ লগতে গ্ৰুপ ‘এ’ৰ অন্য দল তিনিটা হ’ল উত্তৰাখণ্ডৰ ডেৰাডুনৰ মহাৰানা প্ৰতাপ ক্ৰীড়া মহাবিদ্যালয়, শ্ৰীলংকা স্কুল ফুটবল এছ’চিয়েচন আৰু মুম্বাইৰ ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়৷
উল্লেখ্য যে এইবাৰৰ সুব্ৰত কাপত জুনিয়ৰ ছোৱালীৰ খেলত অসমে কোৱাৰ্টাৰ ফাইনেলত বিদায় লোৱাৰ বিপৰীতে ছাৱ-জুনিয়ৰত অসমৰ ল’ৰাৰ দলটো বয়সৰ পৰীক্ষাত ব্যৰ্থ হোৱাৰ বাবে এখনো মেচত অংশ ল’ব নোৱাৰিলে৷ নতুন দিল্লী আৰু এনচিআৰ অঞ্চলৰ বিভিন্ন স্থানত হোৱা প্ৰতিযোগিতাখনৰ উদ্বোধনী দিনটোত মুঠ ১৬ খন খেল অনুষ্ঠিত হয়৷ অহা ৬ ছেপ্টেম্বৰলৈকে গ্ৰুপ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ’ব৷ নতুন দিল্লীৰ আম্বেদকাৰ ষ্টেডিয়াম, তেজস ফুটবল খেলপথাৰ আৰু গুৰুগ্ৰামৰ জি ডি গোৱেংকা ৱ’ল্ডৰ্ স্কুল আৰু কে আই আই টি গ্ল’বেল স্কুলত পতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত হৈছে৷