নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ জুন : পুনৰ আৰম্ভ হ’ব নামনি সোৱণশিৰি নদীবান্ধৰ কাম। আঁতৰ হৈছে নদীবান্ধৰ ক্ষেত্ৰত থকা আইনী বাধা । বিধানসভাত এই ঘোষণা কৰিলে অৰুণাচলৰ ৰাজ্যপালে ।
বিধানসভাত দিয়া ভাষণত নদীবান্ধৰ প্ৰসংগ উত্থাপন ৰাজ্যপালৰ।
আধৰুৱা হৈ থকা নিৰ্মাণকাৰ্য শীঘ্ৰে আৰম্ভ হ’ব বুলি ঘোষণা কৰিলে। অসমৰ বাবে জলবোমা হিচাপে চিহ্নিত ২ হাজাৰ মেগাৱটৰ এই বান্ধ ।
বিশেষজ্ঞ সমিতিৰ নিৰপেক্ষতাক লৈ উচ্চতম ন্যায়ালয়ত বৰ্তমানেও বিচৰাধীন হৈ আছে গোচৰ । ২৫ জুলাইত হোৱাৰ কথা আছে পৰৱৰ্তী শুনানি । ইফালে সেউজ ন্যায়াধীকৰণকো কৈফিয়ৎ তলব কৰিছে ন্যায়ালয়ে ।