নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী, ২০২৪ : ভাৰতীয় বক্সিং ফেডাৰেছনে (Indian Boxing Federation) দেশৰ সকলো প্ৰান্তৰ পৰা নতুন প্ৰতিভা নিৰ্বাচন কৰি ৰাষ্ট্ৰীয় স্তৰত প্ৰশিক্ষণ দিয়াৰ এক অভিলাসী আঁচনি হাতত লৈছে৷ শক্তি মন্ত্ৰালয়ৰ অধীনস্থ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেডৰ সহযোগত ফেডাৰেচনে আৰম্ভ কৰা এই টেলেণ্ট হাণ্ট কাৰ্যসূচী দেশৰ দুটা মাণ্ডলিক স্থানত সফলতাৰে অনুষ্ঠিত হৈ যোৱাৰ পাছত অহা দুই মাৰ্চৰ পৰা অসমত অনুষ্ঠিত হ’ব৷

ইতিমধ্যে খেলুৱৈৰ পঞ্জীয়ন আৰম্ভ হৈছে আৰু গুৱাহাটীয়ে নতুন অভিলেখ গঢ়িব বুলি আশাবাদী ভাৰতীয় বক্সিং ফেডাৰেছনৰ সভাপতি অজয় সিঙ৷ ‘ভাৰতৰ লগতে অসম তথা উত্তৰ-পূৱত বক্সিং প্ৰতিভাৰ অভাৱ নাই৷ আমি এই কাৰ্যসূচীয়েৰ নতুন প্ৰতিভাক সুযোগ দিয়াৰ লগতে চিনাক্ত কৰাৰ লক্ষ্য আগত ৰাখি এই পদক্ষেপ হাতত লোৱা হৈছে৷ মই আশাবাদী যে এইবাৰ গুৱাহাটীত আমি অভিলেখসংখ্যক নতুন প্ৰতিভা লাভ কৰিম৷ এয়া ভাৰতীয় বক্সিঙৰ বাবে সম্পদ হ’ব৷’ বি এফ আইৰ সভাপতি অজয় সিঙে কয়৷

ইফালে, ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতাই এই বিষয়ে অবগত কৰি জনায় যে টেলেণ্ট হাণ্ট কাৰ্যসূচী অনুসৰি অহা ২ ৰ পৰা ১৮ মাৰ্চলৈ গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব পূব মণ্ডল মুকলি প্ৰতিভা সন্ধানী প্ৰতিযোগিতা৷ উল্লেখ্য যে এই মুকলি চেম্পিয়নশ্বিপখন ভাৰতীয় বক্সিং ফেডাৰেচনে পুৰুষ আৰু মহিলা উভয় বক্সাৰৰ বাবে এলিট, যুৱ, জুনিয়ৰ আৰু ছাব-জুনিয়ৰ শাখাত দেশৰ চাৰিটা মণ্ডলত আয়োজন কৰিছে৷ ‘এয়া অসম তথা উত্তৰ-পূৱৰ বক্সাৰৰ বাবে এক সুবৰ্ণ সুযোগ৷ মই সকলো যুৱ বক্সাৰকে প্ৰতিযোগিতাখনত নাম পঞ্জিয়ন কৰিবলৈ আহ্বান জনাইছো৷ যদি তেওঁলোকে প্ৰতিভা প্ৰতিপন্ন কৰি নিৰ্বাচিত হয় তেন্তে ৰাষ্ট্ৰীয় শিবিৰত উন্নত প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হ’ব৷’ বি এফ আইৰ সচিব প্ৰধান হেমন্ত কলিতাই লগতে কয়৷

উল্লেখ্য যে আৰ ই চি ইষ্টাৰ্ন অ’পেন টেলেণ্ট হাণ্টৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ জুনিয়ৰ আৰু ছাব-জুনিয়ৰৰ পঞ্জীয়ন অহা ২৪ ফেব্ৰুৱাৰীত বন্ধ হ’ব৷ আনহাতে, এলিট আৰু যুৱ শাখাত নাম পঞ্জীয়ন কৰাৰ অন্তিম দিন অহা চাৰি মাৰ্চ৷ গুৱাহাটীত দুইৰ পৰা ন মাৰ্চলৈ জুনিয়ৰ আৰু ছাব-জুনিয়ৰ খেল হোৱাৰ বিপৰীতে ১১ ৰ পৰা ১৮ মাৰ্চলৈ অনুষ্ঠিত হ’ব যুৱ আৰু এলিট শাখাৰ খেল৷ ইতিমধ্যে বাংগালুৰুত হৈ যোৱা দক্ষিণ মণ্ডলৰ টেলেণ্ট হাণ্ট প্ৰগ্ৰেমত জুনিয়ৰ আৰু ছাব-জুনিয়ৰ শাখাত ২৫৯ জন আৰু এলিট তথা যুৱ শাখাত ৫৮২ জনতকৈ অধিক বক্সাৰে অংশগ্ৰহণ কৰিছে৷ পশ্চিম মণ্ডলৰ প্ৰতিযোগিতাত জুনিয়ৰ তথা ছাব-জুনিয়ৰ শাখাত ২১৩ জন আৰু এলিট তথা যুৱ শাখাত ২৯৯ গৰাকী বক্সাৰে অংশ লয়৷ মণ্ডলিক প্ৰতিযোগিতাৰ অন্তত এখন ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আয়োজন কৰি নতুন প্ৰতিভাৰ চুড়ান্ত তালিকা নিশ্চিত কৰা হ’ব৷