গুৱাহাটী, ১৮ নৱেম্বৰ, ২০২৪ : সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত আয়োজন কৰা বিশ্ব ৰেংকিঙৰ প্ৰতিযোগিতা আই টি এফ (ITF) জুনিয়ৰ (জে-৬০) টেনিছ সোমবাৰৰ পৰা গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত আৰম্ভ হৈছে৷ ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ প্ৰথমদিনা উভয়ৰে একক শাখাৰ খেল অনুষ্ঠিত হয়৷ প্ৰথমদিনাৰ খেলতে বৃহৎ অঘটনৰ সন্মুখীন হৈ ল’ৰাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লয় ফ্ৰান্সৰ দ্বিতীয় বাচনিপ্ৰাপ্ত খেলুৱৈ এৰন গেবেটে৷
ভাৰতৰ বাচনিবিহীন খেলুৱৈ আদিত্য মৰে তিনিটা মাৰাথন ছেটৰ অন্তত ৪-৬, ৭-৫, ৭-৫ ৰ ব্যৱধানত ফৰাচী খেলুৱৈগৰাকীক পৰাস্ত কৰে৷ ভাৰতৰ অন্য খেলুৱৈসকলেও প্ৰত্যাশিতভাৱে প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে৷ ইফালে, বিশ্ব টেনিছ সংঘৰ স্বীকৃত প্ৰতিযোগিতাখনত অসমৰ চাৰিগৰাকীকৈ ল’ৰা আৰু ছোৱালীয়ে ৱাইল্ড কাৰ্ড লাভ কৰি অংশ লৈছিল যদিও আজি প্ৰথমদিনাৰ খেলতে ল’ৰাৰ একক শাখাত ৰৌণক কাশ্যপ আৰু ৰিয়ান কাশ্যপ তথা ছোৱালীৰ একক শাখাত স্নিগ্ধা পাটিবন্দলা আৰু শ্বেৰী শৰ্মাই প্ৰথম ৰাউণ্ডৰ মেচত পৰাস্ত হৈ বিদায় লয়৷
সদৌ অসম টেনিছ সন্থাৰ সাধাৰণ সম্পাদক অংকুশ দত্ত জনোৱা অনুসৰি কাইলৈৰ পৰা ল’ৰা-ছোৱালীৰ ডাবলছ শাখাৰ খেল আৰম্ভ হ’ব৷ ইফালে, পুৱা খেলৰ পূৰ্বে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সচিব কে জে হিলালিয়ে৷ এই অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰ, সদৌ অসম টেনিছ সন্থাৰ সভাপতি ৰক্তিম শইকীয়া লগতে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক সন্থাৰ বিষয়ববীয়া আৰু নবীন-প্ৰবীন খেলুৱৈসকল উপস্থিত থাকে৷ উল্লেখ্য যে প্ৰতিযোগিতাত ভাৰতসহ ২১ খন দেশৰ খেলুৱৈয়ে অংশ লৈছে৷