নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫জুন : বৰদৈচিলা থিয়েটাৰত ২০১৯-২০ বৰ্ষৰ অভিনয়ৰ বাবে কৰা চুক্তিৰ বাতিলৰ পাছতেই এইবাৰ ৰাজমুকুট থিয়েটাৰত চুক্তিবদ্ধ হ’ল অভিনেত্ৰী প্ৰাঞ্জনা দত্ত ।

বৰদৈচিলা থিয়েটাৰত অভিনয়ৰ চুক্তিৰ বাতিলৰ পাছতে গুৱাহাটীৰ প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ জৰিয়তে চুক্তি বাতিলৰ সমগ্ৰ ঘটনা বিবৰি হুকহুকাই কান্দি উঠিছিল অভিনেত্ৰীগৰাকীয়ে । সংবাদমেলত অভিনেত্ৰী গৰাকীয়ে কৈছিল ” প্ৰযোজকে আজি মোৰ পেটত গোৰ মাৰিছে। সেয়া আচলতে কৰিব নালাগিছিল। পুনৰ কাৰো লগত এনে ঘটনা সংঘটিত নহয়। ভ্ৰাম্যমাণ থিয়েটাৰ যুদ্ধক্ষেত্ৰ নহয়, ই কলাৰ সংমিশ্ৰণ।” তেখেতে আৰু কৈছিল ” কাইলৈৰ পৰা পৰিয়াল চলাবৰ বাবে ওলাই যাব লাগিব। যদি কোনো নাট্যগোষ্ঠীৰ প্ৰয়োজকে এইবর্ষৰ বাবে মোক বিচাৰে তেন্তে মই সুখী হ’ম।”

অভিনেত্ৰীগৰাকীৰ লগত নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই কৰা এনে আচৰণৰ পাছতেই অভিনেত্ৰীগৰাকীৰ হৈ জনপ্ৰিয় অভিনেতা যতীন বৰা, ৰবি শৰ্মা, প্ৰযোজক , বিভিন্ন সাংস্কৃতিক মহলে মাত মতাৰ পাছতেই ওলাই আহিছে ৰাজমুকুট থিয়েটাৰৰ প্ৰযোজক মানস কলিতা । আগশাৰীৰ অন্যতম ভ্ৰাম্যমাণ নাট্যদল ৰাজমুকুট থিয়েটাৰৰ সৈতে প্ৰযোজক মানস কলিতাই অভিনেত্ৰী প্ৰাঞ্জনা দত্তক চুক্তিবদ্ধ কৰায়।

অৱশেষত ২০১৯-২০ নাট্যবৰ্ষত ৰাজমুকুট থিয়েটাৰত চুক্তিবদ্ধ হ’ল অভিনেত্ৰী প্ৰাঞ্জনা দত্ত । এইবাৰ ৰাজমুকুট থিয়েটাৰত বীৰাংগনা হৈ ওলাব প্ৰাঞ্জনা । ” মুখ বন্ধ কৰি ভাল নাৰী হ’ব নোৱাৰিম.. প্ৰাপ্য বিচাৰি চিঞৰিমেই , লাগিলে লজ্জাহীন বুলি কোৱা “। অভিনয় জগতৰ লগতে যেন বাস্তৱ জগততো তাকেই কৰি দেখুৱালে প্ৰাঞ্জনাই ।