শিলচৰ, ১৯ জানুৱাৰী, ২০২৪ : পুনৰ অসম আৰক্ষীৰ জালত পৰিল তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী (Three Arrested With Drugs)। বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল মণিপুৰৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰী। বুজন পৰিমাণৰ হে’ৰইন আৰু নিচাযুক্ত টেবলেট জব্দ। চাবোনৰ বাকচত অতি কৌশলেৰে লুকুৱাই আনিছিল হে’ৰইনখিনি। অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। বুজন পৰিমাণৰ ড্ৰাগছসহ চুবুৰীয়া ৰাজ্য মণিপুৰৰ তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী পৰিল আৰক্ষীৰ জালত। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ৬ কোটিতকৈও অধিক বুলি জানিব পৰা গৈছে। জব্দকৃত ড্ৰাগছখিনিৰ ভিতৰত আছে হে’ৰইন আৰু নিচাযুক্ত টেবলেট। এই বুজন পৰিমাণৰ ড্ৰাগছখিনিৰ লগত আটক হোৱা মণিপুৰৰ তিনি ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ মণিপুৰৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।

বৃহস্পতিবাৰে এক গোপন খবৰৰ ভিত্তিত কাছাৰ জিলাৰ লক্ষীপুৰ আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ মণিপুৰৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে অভিযানকালত বুজন পৰিমাণৰ হেৰ’ইন আৰু নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে মণিপুৰৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰৰ কৰে। ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ কবলৰ পৰা আৰক্ষীয়ে ৩৮ টা হে’ৰইন ভৰ্তি চাবোনৰ বাকচ আৰু ১৫,৮০০ টা নিচাযুক্ত টেবলেট উদ্ধাৰ কৰি জব্দ কৰে।

জব্দকৃত হে’ৰইন আৰু নিচাযুক্ত টেবলেটখিনিৰ বজাৰ মূল্য ৬ কোটিতকৈও অধিক হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। ধৃত মণিপুৰৰ ড্ৰাগছ সৰবৰাহকাৰী।তিনিজন ক্ৰমে থাং মং মাৰ, বিয়েকছাং এবেনেজাৰ থিক আৰু পেট্ৰিক পুদৈতা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে, মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈ থকাৰ মাজতো একাংশ ড্ৰাগছ।সৰবৰাহকাৰীয়ে মণিপুৰৰ পৰা ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে।