নিউজ ডেস্ক, ১৮ জানুৱাৰী, ২০২৪ : ভাৰতীয় ৰে’লৱেৰ (Indian Railway) ৫৯৭ টা ৰে’লৱে ষ্টেচনত দিব্যাংগজন অনুকূল ব্যৱস্থা প্ৰদান। যাত্ৰীসকলৰ সুগমতাৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ষ্টেচনত নতুন লিফ্ট, এস্কেলেটৰ আৰু এফ.ও.বিৰ সংযোজন। ভাৰতীয় ৰে’লৱেই ইয়াৰ ৰে’ল ষ্টেচন আৰু ৰে’লসমূহক ভাৰত চৰকাৰৰ “সুগম্য ভাৰত মিছন” বা সুগম ভাৰত অভিযানৰ অংশ হিচাপে দিব্যাংগজনসকলৰ বাবে সুগম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

বৃদ্ধ, ৰুগীয়া আৰু দিব্যাংগসকলৰ সুগম চলাচলৰ সুবিধাৰ বাবে আৰু গুৰুত্বপূৰ্ণ ৰে’ল ষ্টেচনসমূহৰ প্লেটফৰ্মত সুগম প্ৰৱেশ উপলব্ধ কৰাৰ বাবে আৰু চলাচল সহজ কৰাৰ অৰ্থে, ‘সুগম্য ভাৰত অভিযান’ৰ অংশ হিচাপে লিফ্ট/এস্কেলেটৰ প্ৰদান কৰা হৈছে। ভাৰতীয় ৰে’লৱেৰ মুঠ ৫৯৭ টা ৰে’ল ষ্টেচনত যোৱা বছৰ ডিচেম্বৰলৈকে এস্কেলেটৰ বা লিফ্টেৰে সু-সজ্জিত কৰা হৈছে। বিগত বৰ্ষৰ ডিচেম্বৰলৈকে ভাৰতীয় ৰে’লৱেৰ অন্তৰ্গত ৩৭২ টা ষ্টেচনত ১২৮৭ খন এস্কেলেটৰ আৰু ৪৯৭ টা ষ্টেচনত ১২৯২ খন লিফ্ট প্ৰদান কৰা হয়।

যাত্ৰীৰ সুবিধা উন্নত কৰা আৰু ৰে’ল ষ্টেচনসমূহক অধিক যাত্ৰী অনুকূল কৰি তোলাৰ প্ৰতিশ্ৰুতিস্বৰূপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীৰ যথেষ্ট সমাগম হোৱা ষ্টেচনসমূহত লিফ্ট, এস্কেলেটৰ স্থাপন কৰিছে আৰু ফুট অভাৰ ব্ৰীজ নিৰ্মাণ কৰিছে। যোৱা বছৰ ডিচেম্বৰলৈকে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পাঁচটা মণ্ডলৰ অধীনৰ গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত মুঠ ৪৩ খন লিফ্ট, ৩৫ খন এস্কেলেটৰ আৰু ১৩৭ খন ফুট অভাৰ ব্ৰীজ কাৰ্যকৰী হৈ আছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলক সহজে ৰে’লত উঠাটো আৰু অধিক সহজ কৰি তুলিবলৈ অধিক লিফ্ট আৰু এস্কেলেটৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অধীনত অসমত ইতিমধ্যে ২৩ খন, পশ্চিম বংগত ৯ খন আৰু বিহাৰত ১১ খন লিফ্ট স্থাপন কৰা হৈছে। একেদৰে, অসমত ২১ খন, পশ্চিম বংগ আৰু বিহাৰত ৬ খনকৈ আৰু ত্ৰিপুৰাত ২ খন এস্কেলেটৰ স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা চলিত বিত্তীয় বৰ্ষৰ অন্তিম তিনিমাহৰ সময়ছোৱাত বিভিন্ন ষ্টেচনত ৬ খন লিফ্ট আৰু ২ খন এস্কেলেটৰ স্থাপন কৰাৰ কাম নিৰ্মাণাধীন হৈ আছে। ইয়াৰ উপৰিও, ২০১৪ বৰ্ষৰ পৰা ২০২৩ চনৰ ডিচেম্বৰলৈকে, অসমত মুঠ ৭৭ খন ফুট অভাৰ ব্ৰীজ, পশ্চিম বংগত ৪০ খন, বিহাৰত ১৪ খন, ত্ৰিপুৰাত ৫ খন আৰু মিজোৰামত ১ খন ফুট ওভাৰ ব্ৰিজ নিৰ্মাণ কৰা হয়।

ক্ৰমান্বয়ে বাঢ়ি অহা যাত্ৰী সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ যাত্ৰীসকলৰ বাবে সুৰক্ষিত আৰু সুবিধাজনক প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে মুখ্য ষ্টেচনসমূহত অধিক লিফ্ট, এস্কেলেটৰ আৰু ফুট অভাৰ ব্ৰীজ নিৰ্মাণৰ লগতে ৰে’লৱে সুবিধাৰ ভিতৰত ক্ৰছ-নেভিগেশ্বন সহজ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সুবিধাসমূহে যাত্ৰীসকলৰ সুগম সহজ কৰিব, যাত্ৰী সকলক ৰে’ল যাত্ৰাৰ এক মনোৰম অভিজ্ঞতা প্ৰদান কৰাত সহায় কৰিব আৰু ৰে’ল সেৱাসমূহ অধিক ব্যৱহাৰ অনুকূল কৰি তুলিব।