গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন তিনি কিশোৰ

In ৰাজ্য
TheChocolateRoomTezpur

গোৱালপাৰা : ব্ৰহ্মপুত্ৰ নদীত পুনৰ এক দুর্ঘটনা সংঘটিত হৈছে। এইবাৰ গোৱালপাৰা জিলাত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈছে তিনি কিশোৰ। গোৱালপাৰা চহৰৰ কাছাৰিঘাটত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ তিনি কিশোৰ নদীৰ বুকুত সন্ধানহীন হৈ পৰে।

বুধবাৰে দুপৰীয়াৰ ভাগত লগৰীয়াৰ সৈতে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰ নদীত বুকুত সন্ধানহীন হৈ পৰা তিনি কিশোৰক উদ্ধাৰ কৰাৰ বাবে এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলায়। কিশোৰ তিনিজন সন্ধানহীন হোৱা ঠাইত এদিন পূৰ্বে এজন যুৱকে আত্মহত্যা কৰিছিল বুলি জানিব পৰা গৈছে।

উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ কিশোৰ তিনিজন লগৰীয়ৰ সৈতে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈছিল। কিশোৰ তিনিজনৰ ঘৰ গোৱালপাৰা চহৰৰ বৰপাহাৰত বুলি জানিব পৰা গৈছে। ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হোৱা কিশোৰ তিনিজন ক্ৰমে মুক্তাৰ আলী, ছাইনুৰ ইছলাম আৰু নবীৰ হুচেইন।

কিশোৰ তিনিজনৰ লগত চাইকেল ৰখীয়া হিচাপে আহ অন্য এজন কিশোৰে তিনি কিশোৰ ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হোৱা বুলি জানিবলৈ দিয়ে।এছডিআৰএফ আৰু পঞ্চৰত্ন নদী আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আছে যদিও বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই এজনো কিশোৰক।

You may also read!

গৰুখুটীত অসমীয়া যুৱক-যুৱতীৰ কৰ্মোদ্যম দেখি অভিভূত মন্ত্ৰী পীযুষ হাজৰীকা

চিপাঝাৰ : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি দপ্তৰৰ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই শনিবাৰে মুখ্যমন্ত্ৰী

Read More...

সাতগাঁও আৰক্ষী থানাৰ কাষতে থাকে ১৯ নং হাউচত অঘটন

গুৱাহাটী : সাতগাঁও আৰক্ষী থানাৰ কাষতে থকা ১৯ নং হাউচত সংঘটিত হৈছে অঘটন। ঘৰৰ ভিতৰত চিলিং ফেনত ওলমি আছিল

Read More...

আৰক্ষীৰ গুলীত আহত আৰু এজন ড্ৰাগছ সৰবৰাহকাৰী

জাগীৰোড : আৰক্ষীৰ গুলীত আহত আৰু এজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত হ'ল

Read More...

Mobile Sliding Menu