গুৱাহাটী, ৪ জুলাই, ২০২৪ : নেৰানেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বান কবলত পৰিছে ৰাজ্য। ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বাঢ়নী পানীৰ তলত। ৰাজ্যৰ ২৯ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে বাঢ়নী পানীৰ তলত ( Twenty Nine District Under Flood Water)। গোৱালপাৰা, নগাঁও, নলবাৰী, কামৰূপ, মৰিগাঁও, ডিব্ৰুগড়, শোণিতপুৰ, লখিমপুৰ, দক্ষিণ শালমাৰা, ধুবুৰী, যোৰহাট, চৰাইদেও, হোজাই, কৰিমগঞ্জ, শিৱসাগৰ, বঙাইগাঁও, বৰপেটা, ধেমাজি, হাইলাকান্দি, গোলাঘাট, দৰং, বিশ্বনাথ, কাছাৰ, কামৰূপ মহানগৰ, তিনিচুকীয়া, কাৰ্বি আংলং, চিৰাং, কাৰ্বি আংলং পশ্চিম আৰু মাজুলীত বানৰ তাণ্ডৱলীলা অব্যাহত আছে।

নেৰানেপেৰা বৰষুণৰ ফলত কামৰূপ মহানগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। বিশেষকৈ মহানগৰ গুৱাহাটীৰ বহু অঞ্চল কৃত্ৰিম বানত ডুব যোৱাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে মহানগৰবাসী। বছৰৰ দ্বিতীয়টো বানৰ ফলত প্ৰভাৱিত হৈছে ৰাজ্যৰ ১৬ লাখতকৈও অধিক লোক। বানৰ ফলত সর্বসাধিক লোক প্ৰভাৱিত হৈ আছে ধুবুৰী, কাছাৰ, লখিমপুৰ, নলবাৰী, দৰং, আৰু গোলাঘাট জিলাত। ধুবুৰীত ২ লাখ ২৩ হাজাৰ ২১০ জন লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। কাছাৰত ১ লাখ ৫ হাজাৰ ৫৬২ জন, লখিমপুৰ ১ লাখ ৬৬ হাজাৰ ৬৩ জন, নলবাৰীত ১ লাখ ৫ হাজাৰ ৩৬৬ জন, দৰংত ১ লাখ ৮৩ হাজাৰ ৭৩৮ জন আৰু গোলাঘাটত ১ লাখ ৬ হাজাৰ ৫৯৪ জন লোক প্ৰভাৱিত হৈ আছে। ৰাজ্যৰ ৩৯৪৫১.৫১ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত।

বানৰ বাঢ়নী পানীয়ে তাণ্ডৱলীলা চলাইছে ৰাজ্যৰ কেইবাখনো জিলাত। বিশেষকৈ বছৰৰ দ্বিতীয়টো বানৰ ভয়াৱহ তাণ্ডৱলীলা চলাইছে লখিমপুৰ, নলবাৰী, ধুবুৰী, দৰং আৰু গোলাঘাট জিলাত। জিলা কেইখনৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈ আছে বাঢ়নী পানীত। বহু ঠাইত মাথাউৰি ছিঙি কেইবাখনো গাঁও ডুব গৈছে বাঢ়নী পানীত। মাথাউৰি ছিঙি যোৱা অঞ্চল সমূহত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বাঢ়নী পানীয়ে। নিৰাপদ স্থানৰ সন্ধানত ঘৰ এৰি পলায়ন কৰিছে বান প্ৰভাৱিত হাজাৰ হাজাৰ লোকে লোকে।

ইফালে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়ৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰি বুৰাই পেলাইছে বহু লোকৰ ঘৰ। পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে অসমৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে নদী-উপনদী সমূহৰ পানী বৃদ্ধি পোৱাত ৰাজ্যৰ ২৯ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰী গুৱাহাটীত কৃত্ৰিম বানত ডুব গৈছিল যদিও বিগত দুদিন বৰষুণৰ মাত্ৰ হ্ৰাস পোৱাত পৰিস্থিতি কিছু উন্নত হৈছে।মহানগৰীৰ বহু অঞ্চল কৃত্ৰিম বানত বুৰ যোৱাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল মহানগৰবাসী।

চৰকাৰী তথ্য অনুসৰি বৰ্তমানেও বানৰ কবলত পৰা জিলা কেইখন হৈছে গোৱালপাৰা, নগাঁও, নলবাৰী, কামৰূপ, মৰিগাঁও, ডিব্ৰুগড়, শোণিতপুৰ, লখিমপুৰ, দক্ষিণ শালমাৰা, ধুবুৰী, যোৰহাট, চৰাইদেও, হোজাই, কৰিমগঞ্জ, শিৱসাগৰ, বঙাইগাঁও, বৰপেটা, ধেমাজি, হাইলাকান্দি, গোলাঘাট, দৰং, বিশ্বনাথ, কাছাৰ, কামৰূপ মহানগৰ, তিনিচুকীয়া, কাৰ্বি আংলং, চিৰাং, কাৰ্বি আংলং পশ্চিম আৰু মাজুলী।নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ তাণ্ডৱলীলা চলিছে ধুবুৰী, লখিমপুৰ, দৰং আৰু গোলাঘাট জিলাত। ধুবুৰীত ২৬৮ খনকৈ গাঁও বাঢ়নী পানীত ডুব গৈ থকাৰ সমান্তৰালভাৱে কামৰূপত ২৮১, লখিমপুৰত ২৩৪ আৰু গোৱালপাৰাত ১৯২ খন গাঁও ডুব গৈ আছে বাঢ়নী পানীত। ৰাজ্যৰ ২৯ খন জিলাৰ ১০৫ টা ৰাজহ চক্ৰৰ ২৮০০ খনকৈ গাঁও বাঢ়নী পানীতৰ তলত আছে।

বান প্ৰভাৱিত জিলা কেইখনৰ ১৬ লাখ ২৫ হাজাৰ ৮৯ জন লোক বাঢ়নী পানীত ককবকাই আছে। ইয়াৰে সর্বসাধিক ২ লাখ ২৩ হাজাৰ ২১০ জন ধুবুৰী জিলাৰ।আনহাতে ৩৯৪৫১.৫১ হেক্টৰ কৃষিভূমি এতিয়াও বাঢ়নী পানীৰ তলত আছে। বানপানী আৰু ভূমিস্খলনৰ ফলত ৰাজ্যত বৰ্তমানলৈকে ৪৬ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। নেৰেনেপেৰা বৰষুণৰ ফলত নদী-উপনদী সমূহৰ পানী ফেনেফুটুকাৰে বৃদ্ধি পাইছে আৰু কেইবাখনো নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যত পুনৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে।