গুৱাহাটী, ১২ ডিচেম্বৰ, ২০২৩ : ৰাজ্যত অব্যাহত আছে নকল সোণ আৰু নকল টকাৰ ব্যৱসায়। আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো ৰাজ্যত সক্ৰিয় হৈ আছে নকল সোণ আৰু নকল টকা ব্যৱসায়ী চক্ৰ। মহানগৰী গুৱাহাটীৰ পৰাই এই চক্ৰটোৱে চলাই গৈছে নকল সোণ আৰু নকল টকাৰ ব্যৱসায়। পুনৰ মহানগৰীত নকল সোণ আৰু বৃহৎ পৰিমাণৰ নকল টকা জব্দ (Fake Gold and Fake Currency Seized)। এই চক্ৰটোৰ দুজনকৈ সদস্য পৰিছে আৰক্ষীৰ জালত।
নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে অধিক তৎপৰ হৈছে অসম আৰক্ষী। নকল সোণ আৰু নকল টকা ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান অব্যাহত আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে ইতিমধ্যে এই চক্ৰৰ লগত জড়িত বহু লোকক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ অভিযানকালত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নকল সোণ আৰু নকল টকা। পুনৰ এই চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিছে আৰক্ষীয়ে।
মহানগৰ আৰক্ষীয়ে নকল সোণ আৰু নকল টকা ব্যৱসায়ী চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছে বৃহৎ সাফল্য। সোমবাৰে নিশাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই মহানগৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নকল সোণ আৰু নকল টকা জব্দ কৰিছে। নিশা কটাবাৰী অঞ্চলৰ এটা বাসগৃহত মহানগৰ আৰক্ষীয়ে এক অভিযান চলাই ৪ খন নকল সোণৰ নাওঁ, ২ টা নকল সোণৰ মূৰ্তি আৰু বৃহৎ পৰিমাণৰ নকল টকাসহ দুজন লোকক আটক কৰে।
আৰক্ষীৰ জালত পৰা নকল সোণ আৰু নকল টকা ব্যৱসায়ী চক্ৰটোৰ সদস্য দুজন হৈছে ক্ৰমে ছফিকুল ইছলাম আৰু ছাহাবুদ্দিন। ধৃত ছফিকুল ইছলামৰ ঘৰ নগাঁৱত আৰু ছাহাবুদ্দিনৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে। জানিব পৰা মতে কটাবাৰী অঞ্চলত ঘৰ ভাড়া লৈ উক্ত খৰৰ পৰাই দুয়ো দীর্ঘদিন ধৰি নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ী চলাই আছিল। আৰক্ষীয়ে ইতিমধ্যে অধিক তথ্যৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে।
উল্লেখ্য যে, আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছিল ৰাজ্যত নকল সোণ আৰু নকল টকা ব্যৱসায়ী চক্ৰৰ ভয়াবহ তথ্য। নকল সোণ আৰু নকল টকাৰ এই জগতখনৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধেও। কিছুদিন পূৰ্বে মহানগৰীৰ দক্ষিণগাঁও অঞ্চলত আৰক্ষীয়ে এক অভিযান চলাই এই চক্ৰটোৰ দুজন সদস্যক আটক কৰিছিল। দুয়ো দক্ষিণগাঁৱত ভাড়া ঘৰৰ পৰাই চলাই আছিল নকল সোণ আৰু নকল টকাৰ ব্যৱসায়।