নিউজ ডেস্ক, ১১ ডিচেম্বৰ, ২০২৩ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) যাত্ৰীসকলৰ সুবিধাৰ বাবে আৰু কেইখনমান ৱান ৱে বিশেষ ৰে’ল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিশেষ ৰে’লসমূহ নিউ জলপাইগুড়ী-দিল্লী জংচন, ডিব্ৰুগড়-বদোদৰা জংচন আৰু ৰঙাপাৰা নৰ্থ-ছেকেন্দ্ৰাবাদ ৰে’ল ষ্টেচনৰ মাজত এটা ট্ৰিপৰ বাবে চলাচল কৰিব। 

সেই অনুসৰি, ৰে’ল নং ০৫৭৯৯ (নিউ জলপাইগুড়ী -দিল্লী জংচন) ৱান ৱে বিশেষ ৰে’লখন নিউ জলপাইগুড়ীৰ পৰা ১৫ ডিচেম্বৰ, ২০২৩ (শুক্ৰবাৰে) ১৩:৪০ বজাত প্ৰস্থান কৰি পিছদিনা ১৫:৩০ বজাত দিল্লী জংচনত গৈ উপস্থিত হ’ব। ৰে’লখন কিষাণগঞ্জ, কাটিহাৰ জংচন, বাৰাউনি জংচন, পণ্ডিত দীন দয়াল উপাধ্যায় জংচন, প্ৰয়াগৰাজ ছিওকি আদি হৈ চলাচল কৰিব।

ৰে’ল নং ০৫৯৩৬ (ডিব্ৰুগড়-বদোদৰা জংচন) ৱান ৱে বিশেষ ৰে’লখন ১৬ ডিচেম্বৰ, ২০২৩ (শনিবাৰে) ০৫:০০ বজাত ডিব্ৰুগড়ৰ পৰা প্ৰস্থান কৰি ১৮ ডিচেম্বৰ, ২০২৩ (সোমবাৰে) ১৩:৩০ বজাত বদোদৰা জংচনত গৈ উপস্থিত হ’ব। ৰে’লখন উত্তৰ লখিমপুৰ, ৰঙাপাৰা নৰ্থ, নিউ মিছামাৰী, ৰঙিয়া, নিউ বঙাইগাঁও, নিউ জলপাইগুড়ী জংচন, বাৰচোই জংচন, কাটিহাৰ, বাৰাউনি জংচন, পণ্ডিত দীন দয়াল উপাধ্যায়, উজ্জয়িনী জংচন আদি হৈ চলাচল কৰিব।

ৰে’ল নং ০২৬০৫ (ৰঙাপাৰা নৰ্থ-ছেকেন্দ্ৰাবাদ) ৱান ৱে বিশেষ ৰে’লখন ১৭ ডিচেম্বৰ, ২০২৩ (দেওবাৰে) ৰঙাপাৰা নৰ্থৰ পৰা ১৮:০০ বজাত প্ৰস্থান কৰি ১৯ ডিচেম্বৰ, ২০২৩ (মঙলবাৰে) ১৬.৩০ বজাত ছেকেন্দ্ৰাবাদত গৈ উপস্থিত হ’ব। বিশেষ ৰে’লখন ওদালগুৰী, ৰঙিয়া জংচন, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ী জংচন, মালদা টাউন, খড়গপুৰ জংচন, ভুৱনেশ্বৰ, বিশাখাপত্তনম, বিজয়ৱাড়া জংচন আদি হৈ চলাচল কৰিব।

এই ৰুটসমূহত ভ্ৰমণ কৰা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীৰ যাত্ৰীসকলে আৰামদায়ক ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। এই ৱান ৱে বিশেষ ৰে’লসমূহৰ বিস্তৃত বিৱৰণ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত জাৰি কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।