টংলা, ২১ ডিচেম্বৰ, ২০২৪ : এক নৃশংস হত্যাকাণ্ড। এই নৃশংস হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। হত্যাৰ বলি হৈছে দুই শিশু (Two Child Killed)। শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল শিশু দুটি। কোনো দুৰ্বৃত্তই অপহৰণ কৰি শিশু দুটিক নৃশংসভাৱে হত্যা কৰে। হাবিৰ মাজত উদ্ধাৰ হৈছে শিশু দুটিৰ মৃতদেহ। ঘটনাস্থলীত আৰক্ষীৰ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
ওদালগুৰি জিলাৰ টংলাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। দুই শিশুক অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰিছে দুৰ্বৃত্তই। শিশু দুটিৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ টংলা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকা শিশু দুটিৰ মৃতদেহ শস্ত্ৰপাৰাত উদ্ধাৰ হৈছে।
ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত শস্ত্ৰপাৰাৰ নাইকা নদীৰ পাৰত হাবিৰ মাজত শনিবাৰে পুৱাৰ ভাগত শিশু দুটিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
হত্যাৰ বলি হোৱা শিশু দুটি টংলাৰ যোৰপুখুৰী অঞ্চলৰ নিবাসী মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা বুলি জানিব পৰা গৈছে। শুকুৰবাৰে বিদ্যালয়লৈ যোৱা পথত শিশু দুটি সন্ধানহীন হৈছিল। পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দুটিৰ শুকুৰবাৰে পৰীক্ষা আছিল। পৰীক্ষাগৃহত ছাত্ৰ দুটি উপস্থিত নথকাত বিদ্যালয়ৰ শিক্ষকে ছাত্ৰ দুটিৰ অভিভাৱকক অৱগত কৰিছিল। ইয়াৰ পিছতে ছাত্ৰ দুটিৰ ঘৰখনত হুৱাদোৱা লাগিছিল।
হত্যাৰ বলি হোৱা কৌশিক শৰ্মাৰ বয়স ১৪ বছৰ আৰু গৌৰৱ শৰ্মাৰ বয়স ১২ বছৰ বুলি জানিব পৰা গৈছে। শিশু দুটি টংলাস্থিত কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ। শিশু দুটিৰ পিতৃ মহেন্দ্ৰ শৰ্মা পেছাত গাড়ী চালক বুলি জানিব পৰা গৈছে। শিশু দুটিৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানত ইতিমধ্যে ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া, ওদালগুৰি জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অধিক্ষক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীৰ তদন্তৰ পিছতে কোনো, কি কাৰণত শিশু দুটিক হত্যা কৰিলে পোহৰলৈ আহিব।