গুৱাহাটী, ২৭ ডিচেম্বৰ, ২০২৪ : দেৱজিৎ গগৈৰ স্মৃতিত তৃতীয় বাৰ্ষিক ক্লাচিক শৰীৰ চৰ্চা, মেন ফিজিক্স তথা বেঞ্চ পেচ (Weathlifting) প্ৰতিযোগিতা সুকলমে যোৱা ২৫ ডিচেম্বৰত গুৱাহাটীৰ ৰুক্মিণী নগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে সমিতিৰ উপ-সভাপতি দেৱজ্যোতি বুঢ়াগোহাঁয়ে আৰু প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে মুকলি কৰে অৱসৰপ্ৰাপ্ত মুখ্য বন সংৰক্ষণ বিষয়া ফজৰুল ৰহমানৰ লগতে বিশিষ্ট ব্যবসায়ী তথা সমাজকৰ্মী নাজিৰ লস্কৰে।
প্ৰায় ৬০ গৰাকী পুৰুষ-মহিলা খেলুৱৈৰ মাজত শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰে সঞ্জীৱ ঠাকুৰীয়াই। মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে নেহা দত্তই। দুয়োজন আইৰণলিফটাৰ জিমৰ সদস্য। পুৰুষৰ মাষ্টৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে আয়োজক সমিতিৰ কাৰ্যবাহী সভাপতি প্ৰণব কলিতাই। আনহাতে মেন ফিজিক শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে আমিৰ হুছেইনে। এই শাখাত শ্ৰেষ্ঠ ৫ জনক পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰতিযোগিতাৰ মুখ্য আকৰ্ষণ তৃতীয় বাৰ্ষিক দেবজিত গগৈ ক্লাচিক বডিবিল্ডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীৰ মাজত শ্ৰেষ্ঠ বিবেচিত হয় প্ৰকাশ প্ৰধান।
দ্বিতীয় শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে পৰিক্ষিত হাজৰিকাই আৰু তৃতীয় শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে অসম সচিবালয়ৰ কৰ্মচাৰী ৰিংকু দাসে। এই শাখাত শ্ৰেষ্ঠ ১০ গৰাকী খেলুৱৈক বঁটা প্ৰদান কৰা হয়। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ কেইগৰাকীক বঁটাৰ লগতে আগতে ঘোষণা কৰাৰ দৰে নগদ ধনেৰে পুৰস্কৃত কৰা হয়। লগতে বডিবিল্ডিং আৰু মেন ফিজিকৰ বঁটাপ্ৰাপ্ত খেলুৱৈসকলকো বঁটাৰ লগতে নগদ ধনেৰে সন্মান যচা হয়। ইফালে বেঞ্চ প্ৰেচ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ সকলক বঁটাৰ লগতে নগদ ধন আৰু একোটিকৈ ট্ৰেকছ্যুট প্ৰদান কৰা হয়। এই কথা জনাইছে আয়োজক কমিটীৰ সম্পাদক অঞ্জন (জোন) বুজৰবৰুৱা আৰু সভাপতি অমৰ বৰকটকীয়ে। প্ৰতিযোগিতাৰ মুখ্য বিচাৰক আছিল আন্তঃৰাষ্ট্ৰীয় বিচাৰক ভৱজ্যোতি গোস্বামী। এই মঞ্চতে ৰাষ্ট্ৰীয় মহিলাৰ মডেল ফিজিক শাখাত ৰূপৰ পদক বিজয়ী বৰ্ণালী বসুমতাৰীক বিশেষ সম্বৰ্ধনা জনোৱা হয়।