ওদালগুৰি, ১৩ এপ্ৰিল, ২০২৪ : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা (Wild Elephant Killed Lady)। শনিবাৰে গৰু বিহুৰ আনন্দৰ মাজতে পুৱাৰ ভাগত সংঘটিত হয় এই শোকাবহ ঘটনা। নিজ ঘৰতে বনৰীয়া হাতীয়ে গছকি হত্যা কৰে মহিলা গৰাকীক। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল বনৰীয়া হাতীৰ এটা বৃহৎ জাক। ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যবস্থা কৰে।

ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। বিশেষকৈ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত সংঘটিত হৈ থকা বুলি কলেও ভুল নহ’ব। এই সংঘাতৰ ফলত ইতিমধ্যে বহু লোক নিহত হোৱাৰ সমান্তৰালে প্ৰাণ হেৰুৱাইছে কেইবাটাও বনৰীয়া হাতীয়ে।

শনিবাৰে গৰু বিহুৰ আনন্দৰ মাজতে পুৱাৰ ভাগত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ ফলত পুনৰ এগৰাকী মহিলাই প্ৰাণ হেৰুৱাইছে। এই শোকাবহ ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ভেৰগাঁৱৰ ভূটিয়াচাঙৰ বাসুগাঁৱত। শনিবাৰে পুৱাৰ ভাগত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰে। বনৰীয়া হাতীৰ জাকটোৱে মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে।

বনৰীয়া হাতীৰ জাকটোৱে আক্ৰমণ চলায় ৰাজু ওৰাং নামৰ এজন লোকৰ ঘৰত। বনৰীয়া হাতীয়ে গছকি হত্যা কৰে ৰাজু ওৰাংৰ ৫০ বছৰীয়া পত্নী গুমী ওৰাংক। বনৰীয়া হাতীৰ আক্ৰমণত ৰাজু ওৰাং নামৰ লোকজানো গুৰুত্বৰভাৱে আহত।হৈছে। বৰ্তমান ৰাজু ওৰাং সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে। বনৰীয়া হাতীৰ আক্ৰমণত ৰাজু ওৰাং নামৰ লোকজনৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হৈছে।

বিহুৰ আনন্দৰ মাজতে বনৰীয়া হাতীৰ আক্ৰমণত ৫০ বছৰীয়া গুমী ওৰাং নামৰ মহিলা গৰাকীৰ মৃত্যু হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অঞ্চলটোত দীর্ঘদিন ধৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই থকাৰ বাবে ৰাইজে উজাগৰী নিশা কটাব লগীয়া হৈছে। স্থানীয় ৰাইজে পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিবলৈ বন বিভাগক দাবী জনাইছে।