গোৱালপাৰা, ১২ জানুৱাৰী, ২০২৪ : বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন যুৱক (Wild Elephant Killed One)। বনৰীয়া হাতীৰ আক্ৰমণত ছিন্ন বিছিন্ন হৈ পৰে যুৱকজনৰ মৃতদেহ। বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত যুৱকজনক আক্ৰমণ কৰে বনৰীয়া হাতীয়ে। বন বিভাগৰ ওপৰত ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে। বন বিভাগৰ কৰ্মচাৰীৰ লগত তৰ্কবিতৰ্কত লিপ্ত হয় ক্ষোভিত ৰাইজ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হৈ থকা বুলি কলেও ভুল নহ’ব। দ্ৰুত গতিত বনাঞ্চল ধ্বংসৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাইছে। নামনি অসমৰ লগতে উজনিৰ অসমৰ কেইবাখনো জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকা দেখিবলৈ পোৱা যায়।

বিশেষকৈ গোৱালপাৰা জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকাৰ বাতৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে।পুনৰ গোৱালপাৰা জিলাত দেখিবলৈ পোৱা গৈছে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে এজন যুৱকে। এই শোকাবহ ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত গোধাৰবড়ীত।

গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত গোধাৰবড়ীৰ বাবুল চাংমা নামৰ এজন ২৪ বছৰীয়া যুৱক বৃহস্পতিবাৰে নিশা ৮ মান বজাত বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত বনৰীয়া হাতীয়ে যুৱকজনক আক্ৰমণ কৰে। বনৰীয়া হাতীৰ আক্ৰমণত যুৱকজন থিতাতে নিহত হয়। বনৰীয়া হাতীৰ আক্ৰমণত যুৱকজনৰ মৃতদেহৰ ছিন্ন বিছিন্ন হৈ পৰে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হোৱাত ক্ষোভিত ৰাইজ বন বিভাগৰ কৰ্মচাৰীৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হয়।

পৰবৰ্তী সময়ত বন বিভাগৰ লোকে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বিগত কেইবাবছৰ ধৰি হাতী আৰু মানুহৰ সংঘাত ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই ক্ষেত্ৰত বন বিভাগে নিষ্ক্ৰিয় ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ উজাৰে স্থানীয় ৰাইজে। কিছুদিন পূৰ্বেও বুধিপাৰা শান্তিপুৰ জংঘল ব্লকৰ নিবাসী দুৰ্গা দাসৰ পত্নী জলজলি দাস শগুনবাহী বনাঞ্চলৰ কাষৰ পথাৰত ধান ডাবলৈ যাওঁতে বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল।