কলিয়াবৰ, ১২ জানুৱাৰী, ২০২৪ : পুনৰ এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে এখন গাঁৱৰ তিনিজনকৈ যুৱকে (Three Killed In A Road Accident)। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে যুৱক তিনিজনে যাত্ৰা কৰা বাহন। ফলত থিতাতে নিহত হয় যুৱক তিনিজন। ঘন কুঁৱলীৰ বাবে এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হোৱা সন্দেহ। যুৱক তিনিজনৰ গাঁৱত বিৰাজ কৰি এক শোকাকুল পৰিৱেশ।

ৰাজ্যজুৰি ভোগৰ উৎসৱ ভোগালীকলৈ এক উখল মাখল পৰিৱেশ। উৰুকাৰ নিশা সকলো মিলি এসাজ খাবলৈ ভিৰ কৰিছে বজাৰ সমূহত। ভোগালী বিহুৰ আনন্দত মতলীয়া সকলো। ভোগালী বিহুৰ এই আনন্দময় পৰিৱেশৰ মাজতে শোকত ভাঙি পৰিছে এখন গাঁৱৰ ৰাইজ। এক ভয়ংকৰ পথ দুর্ঘটনাত একেখন গাঁৱৰ তিনিজনকৈ যুৱক থিতাতে নিহত হোৱাত শোকত ভাঙি পৰিছে গাঁওখনৰ ৰাইজ।

বৃহস্পতিবাৰে নিশাৰ ভাগত কলিয়াবৰৰ মিছা ৰৌমাৰীত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হয় তিনিজনকৈ যুৱক। নিহত যুৱক তিনিজন একেখন গাঁৱৰে। নিশা নিয়ন্ত্ৰণ হেৰুৱাই যুৱক তিনিজনে যাত্ৰা কৰা বাহনখন পথৰ পৰা বাগৰি দ’ খাৱৈত পৰে। ফলত থিতাতে নিহত হয় যুৱক তিনিজন। নিহত যুৱক তিনিজন অৰ্জুন তাঁতী, অমৃত বিশ্বাস আৰু ৰাহুল বিশ্বাস বুলি জানিব পৰা গৈছে।

যুৱক তিনিজনৰ বাহনখন কলিয়াবৰ পৰা মিছা দিশত আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে। দুর্ঘটনাত পতিত হোৱা বাহনখন এএছ-১২-জে- ৬৯০৯ নম্বৰৰ মহিন্দ্ৰা ভেৰিটো। এই ভয়ংকৰ পথ দুর্ঘটনাত তিনিজনকৈ যুৱক থিতাতে নিহত হোৱাৰ ঘটনাই যুৱক তিনিজনকৰ গাঁও মিছামুখৰ লগতে সমগ্ৰ কলিয়াবৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। ঘন কুঁৱলীৰ বাবে এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

উল্লেখ্য যে, ৩ জানুৱাৰীত দেৰগাঁৱৰ বালিজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুর্ঘটনাত শিশুসহ দহজনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে চাৰিজনকৈ লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল। বনভোজ যাত্ৰীৰ বাছ আৰু কয়লা ভৰ্তি টেংকাৰৰ মাজত হোৱা সংঘর্ষত প্ৰাণ হেৰুৱাইছিল শিশুসহ চৈধ্যজনকৈ লোক। বনভোজ যাত্ৰীৰ দলটো তিনিচুকীয়ালৈ বনভোজ খাবলৈ গৈ থকা অৱস্থাত দুর্ঘটনাত পতিত হৈছিল।