নিউজ ডেস্ক, ১১ ডিচেম্বৰ, ২০২৩ : পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ (Wild Elephant Terror)। তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন লোক। বনৰীয়া হাতীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হোৱা লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত মৃত্যু হয় লোকজনৰ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে আক্ৰমণ কৰিছিল লোকজনক। বিগত কেইবাদিন ধৰি তামুলপুৰৰ বিভিন্ন প্ৰান্তত উপদ্ৰৱ চলাই আছে বনৰীয়া হাতীৰ জাকে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হৈ থকা বুলি কলেও ভুল নহ’ব। দ্ৰুত গতিত বনাঞ্চল ধ্বংসৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাইছে। নামনি অসমৰ লগতে উজনিৰ অসমৰ কেইবাখনো জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকা দেখিবলৈ পোৱা যায়।
এইবাৰ তামুলপুৰত বনৰীয়া হাতীৰ জাকৰ উপদ্ৰৱ। তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এজন লোক। তামুলপুৰৰ ঝাজিকোনাৰ ঢেঁকিপোটাত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছে এজন লোকৰ। নিহত লোকজন গৌতম মেধী বুলি জানিব পৰা গৈছে। সোমবাৰে পুৱাৰ ভাগত বনৰীয়া হাতীৰ আক্ৰমণত গৌতম মেধী নামৰ লোকজন গুৰুত্বভাৱে আহত হোৱাত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও লোকজনৰ মৃত্যু হয়। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল বনৰীয়া হাতীৰ জাকটো।
তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে বিগত কেইবাদিন ধৰি উপদ্ৰৱ চলাই কেইবাখো গাঁৱৰ ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে। নিদ্ৰাহৰণ হৈছে অঞ্চলটোৰ ৰাইজৰ। তামুলপুৰৰ ঝাজিকোনা, ঢেঁকিপোটা, কচুকাটা, পূৱ কচুকাটা আদি অঞ্চলত বনৰীয়া হাতীৰ জাকটোৱে খেতিপথাৰ বিনষ্ট কৰাৰ লগতে মানুহৰ ঘৰ লণ্ডভণ্ড কৰি বিস্তৰ ক্ষতিসাধন কৰি আহিছে। এই ক্ষেত্ৰত ৰাইজ বন বিভাগক আহ্বান জনাইও কোনো ধৰণৰ সুফল লাভ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।
বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বন বিভাগ সম্পূৰ্ণৰূপে বিফল হোৱা বুলি কয় স্থানীয় ৰাইজে। উল্লেখ্য যে নামনি অসমৰ গোৱালপাৰা পৰা জিলাত বনৰীয়া হাতী আৰু মানুহৰ মাজত হোৱা সংঘাতৰ ফলত কেইবাজনো লোক নিহত হৈছে। দুদিন পূৰ্বে শোণিতপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী দয়ালপুৰৰ ২ নং বালিটিকাত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বৃহৎ বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত এজন লোক নিহত হৈছিল। ঘৰৰ ভিতৰত শুই থকা অৱস্থাত লোকজনক আক্ৰমণ কৰিছিল বনৰীয়া হাতীৰ জাকটোৱে।