আজিজ আলী

মুকালমুৱা : নলবাৰী জিলাৰ মুকালমুৱাত সংঘটিত হৈছে এক শোকবাহ ঘটনা। পাগলদিয়া নৈত সাঁতুৰী সন্ধানহীন হোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। পাগলাদিয়া নৈৰ সিপাৰে পিতৃক চাহ দি নৈ সাঁতুৰী উভতি আহোঁতে সন্ধানহীন হৈছিল ছত্ৰজন।

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত গলদীঘলা গাঁৱৰ মাজেৰে বৈ যোৱা পাগলদিয়া নৈত দেওবাৰে পুৱাই এজন ছাত্ৰৰ সন্ধানহীন হৈছিল। পাগলাদিয়া নৈৰ সিপাৰত কৃষি-কৰ্মত ব্যস্ত থকা পিতৃক চাহ দি নৈ সাঁতুৰী উভতি আহি থাঁকোতেই ছাত্ৰজন পাগলদিয়া নৈত সন্ধানহীন হৈছিল।

ছাত্ৰজনক বিচাৰি পাগলদিয়া নৈত স্থানীয় লোকে লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে। পৰবৰ্তী সময়ত এছ ডি আৰ এফ বাহিনীৰ দল উপস্থিত হয় যদিও এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কাৰ্য আৰম্ভ কৰাৰ পূৰ্বেই স্থানীয় লোকে ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে।

পাগলাদিয়া নৈত সন্ধানহীন হৈ মৃত্যুক আঁকোৱালি লোকে ছাত্ৰজন বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চুঙৰবড়ী গাঁৱৰ ৰিয়াজ আলীৰ একমাত্ৰ পুত্ৰ ইনজামামুল হ’ক বুলি জানিব পৰা গৈছে। দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনৰ মৃত্যুত শোকত ভাগি পৰিছে ছাত্ৰজনৰ পৰিয়ালৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজ।