গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২১ মেঃ গোৱালপাৰা জিলাৰ জীয়াগুৰীত পথৰ ওপৰত, নিশাৰ আন্ধাৰত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰিব লগা হোৱা ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে জিলাখনৰ জীয়াগুৰীৰ খেৰোপাৰা গাঁৱৰ এগৰাকী মহিলাই নিশা প্রায় ১ মান বজাত প্ৰসৱ বেদনাত ছটফটাই থকাত পৰিয়াল লোকে মহিলা গৰাকীক এখন অটো ভেনত লৈ শিমলীতোলা স্বাস্থ্যকেন্দ্ৰ অভিমুখে যাত্ৰা কৰে। জীয়াগুৰীত চোৰাং কাঠ গাড়ীৰ বাধা দিয়াৰ বাবে স্থানীয় ৰাইজে পথৰ ওপৰত গছৰ মূৰা পুতি আৰু গাত খান্দি পথ বন্ধ কৰি থোৱাত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে বিপাঙত পৰে। মহিলা গৰাকীৰ পৰিয়ালে লোকে অভিযোগ কৰে যে চিকিৎসালয়লৈ যোৱাৰ বাবে চেষ্টা কৰাত একাংশ যুৱকে তেওঁলোকক ধন দাবী কৰে। পৰিয়ালে লোকে আৰু অভিযোগ কৰে যে তেওঁলোকে কেইবাবাৰো ১০৮ ত ফোন কৰে যদিও কোনোধৰণ সঁহাৰি নোপোৱাত মহিলা গৰাকীয়ে পথৰ ওপৰতে আন্ধাৰত সন্তান প্ৰসৱ কৰে। নিশাৰ আন্ধাৰ এগৰাকী গৰ্ভৱতী মহিকাৰ লগত সংঘটিত হোৱা এই ঘটনাই ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থাৰ আৰু স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়াত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমান ভুক্তভোগী পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে এই সমগ্ৰ ঘটনাৰ তদন্তৰ কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে।