গুৱাহাটী, ২৫ এপ্ৰিল, ২০২৪ : গ্ৰীষ্মৰ ভিৰৰ সময়ত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে আৰু কেইখনমান গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলাবলৈ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বিশেষ ৰে’লসমূহৰ চলাচলে এই পথসমূহৰ অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলৰ বাবে এক বৈকল্পিক সুযোগ হিচাপে কাম কৰিব।

এই প্ৰখৰ গ্ৰীষ্মকালত যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰাৰ সময়ত হাইড্ৰেটেড কৰি ৰাখিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেই সকলো ষ্টেচনত বিনামূলীয়া খোৱা পানীৰ উপলব্ধতা নিশ্চিত কৰিছে। সেই অনুসৰি, ৰে’ল নং ০৬৫৬৯ (এছএমভিটি বেংগালুৰু-গুৱাহাটী) বিশেষ ৰে’লখন ২৮ এপ্ৰিলৰ পৰা ১৯ মে, ২০২৪ লৈ এছএমভিটি বেংগালুৰুৰ পৰা প্ৰতি দেওবাৰে ০০:৩০ বজাত যাত্ৰা আৰম্ভ কৰি মঙলবাৰে ০৫:৩০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৬৫৭০ (গুৱাহাটী -এছএমভিটি বেংগালুৰু) বিশেষ ৰে’লখন ১ তাৰিখৰ পৰা ২২ মে, ২০২৪ লৈ প্ৰতি বুধবাৰে গুৱাহাটীৰ পৰা ০৬:০০ বজাত প্ৰস্থান কৰি শুকুৰবাৰে ১০.০০ বজাত এছএমভিটি বেংগালুৰুত গৈ উপস্থিত হ’ব। আন এখন, ৰে’ল নং ০৯১০১ (ভদোদৰা-কাটিহাৰ) বিশেষ ৰে’লখন ২৪ এপ্ৰিল, ২০২৪ (বুধবাৰে) ২৩:৩০ বজাত ভদোদৰাৰ পৰা প্ৰস্থান কৰি শুকুৰবাৰে ১৬:৩০ বজাত কাটিহাৰত আহি উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৯১০২ (কাটিহাৰ-ভদোদৰা) বিশেষ ৰে’লখন কাটিহাৰৰ পৰা ২৭ এপ্ৰিল (শনিবাৰে) ১৫:০০ বজাত প্ৰস্থান কৰি সোমবাৰে ০
৭:৩০ বজাত ভদোদৰাত গৈ উপস্থিত হ’ব। ৰে’ল নং ০৪০১০ (আনন্দ বিহাৰ টাৰ্মিনেল-যোগবানী) বিশেষ ৰে’লখন ৩০ এপ্ৰিলৰ পৰা ২৫ জুন, ২০২৪ লৈকে আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা প্ৰতি মঙলবাৰে ২৩:৪৫ বজাত প্ৰস্থান কৰি বৃহস্পতিবাৰে ০৫:২০ বজাত যোগবানীত গৈ উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত, ০৪০০৯ (যোগবানী-আনন্দ বিহাৰ টাৰ্মিনেল) বিশেষ ৰে’লখন ২ মে’ৰ পৰা ২৭ জুন, ২০২৪ লৈ প্ৰতি বৃহস্পতিবাৰে ৯:০০ বজাত যোগবানীৰ পৰা প্ৰস্থান কৰি শুকুৰবাৰে ১৬:০৫ বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হ’ব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন সংবাদপত্ৰ আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ কৰা হয়।