গুৱাহাটী, সংবাদ ৩৬৫, ১৭ জুলাইঃ ৰাইজৰ সুবিধাৰ্থে অসম আৰক্ষীৰ এক নতুন প্ৰয়াস।এতিয়াৰ পৰা আৰু আপুনি বিমোৰত পৰিবলগীয়া নহয়। হয়, মঙলবাৰে ইয়াৰ সমস্যা সামাধন কৰিলে অসম আৰক্ষীয়ে। অসম আৰক্ষীক অধিক জনমুখী কৰাৰ উদ্দেশ্যে মঙলবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই পানবজাৰ থানাত উদ্ধোধন কৰিলে অভ্যৰ্থনা কক্ষ। সাধাৰণতে থানালৈ ৰাইজে অপৰাধমূলক ঘটনাৰ সমাধান বিচাৰিয়েই যায় যদিও বিভিন্ন সময়ত অন্যান্য বহু গুৰুত্বপূৰ্ণ আৰু লাগতিয়াল প্ৰসংগতো ৰাইজ থানালৈ যাবলগীয়া হয়। থানালৈ আহি সৰ্বসাধাৰণ ৰাইজ নিজৰ সমস্যাৰ সামাধন বিচাৰি বহু সময়ত বিমোৰত পৰিবলগীয়া হোৱাৰ অভিযোগ বহুদিনীয়া। এই পৰিপ্ৰেক্ষিততে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ লগত এই সমস্যাৰ সমাধান বিচাৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই এক আলোচনাত মিলিত হোৱাৰ পিছত অসমৰ সমূহ আৰক্ষী থানাত অভ্যৰ্থনা কক্ষ স্থাপনৰ আঁচনি গ্ৰহন কৰে। এই আঁচনিৰ অধীনত মঙলবাৰে পানবজাৰ, জালুকবাৰী, ভৰলুমুখ আৰু দিছপুৰ থানাত অভ্যৰ্থনা কক্ষৰ সংস্থাপন কৰা হয়। পৰৱৰ্তী সময়ত মহানগৰীৰ অন্যান্য থানা সমূহৰ লগতে সমগ্ৰ ৰাজ্যৰ থানা সমূহত ৰাইজৰ সুবিধাৰ বাবে অভ্যৰ্থনা কক্ষৰ ব্যৱস্থা কৰা হ’ব। অসম আৰক্ষীত কৰ্মৰত মহিলা সকলকৰ পৰা বৰ্তমান প্ৰায় ৩৫ গৰাকী মহিলাক এই অভ্যৰ্থনা কক্ষ পৰিচালনা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অভ্যৰ্থনা কক্ষৰ পৰিচালনাৰ দায়িত্বত থকা মহিলা সকলক অসম আৰক্ষীৰ ফালৰ পৰা বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। অসম আৰক্ষীৰ এই প্ৰশংসনীয় পদক্ষেপ এতিয়া কিমান সফল হ’ব এইয়া সময়ত হে বুজিব পৰা যাব।