গুৱাহাটী 

১ ছেপ্টেম্বৰ

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰচাৰ অভিযান আৰম্ভ। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰম্ভ কৰিলে এই প্ৰচাৰ অভিযান। মঙলবাৰৰ পৰা ৰাজ্যজুৰি অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্রাম সমিতিয়ে আৰম্ভ কৰিলে প্ৰচাৰ অভিযান।

দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত এইবাৰ প্ৰচাৰ অভিযানত নামিল কৃষক মুক্তি সংগ্রাম সমিতি। মঙলবাৰৰ পৰা ৰাজ্যজুৰি চলিব লগীয়া এই প্ৰচাৰ অভিযানৰ আৰম্ভণি কৰা হয় চান্দমাৰীৰ পৰা। পুৱা ১১ বজাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কর্মী সকল চান্দমাৰীত একত্ৰিত হৈ ৰাইজৰ মাজত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে। পত্ৰিকাখনৰ জৰিয়তে অসমবাসী ৰাইজক অখিল গগৈৰ মুক্তিৰ বাবে মাত মাতিবলৈ আহ্বান জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰচাৰ পত্ৰিকা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী কৰ্মীয়ে কয় যে অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্য তিনিজন নেতাও একে গোচৰতে কাৰাবন্দী হৈ আছিল যদিও তিনিওজন নেতাই ইতিমধ্যে জামিন লাভ কৰিছে কিন্তু অখিল গগৈ জামিন লাভ কৰা নাই। বিজেপি চৰকাৰখনে ভালকৈ বুজি পাইছে যে অখিল গগৈ মুক্ত আকাশৰ তললৈ আহিলে আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি অসমৰ পৰা উৎখাত হ’ব। সেয়েহে বিজেপি চৰকাৰে অখিল গগৈক মুক্ত আকাশৰ তললৈ আহিবলৈ দিয়া নাই। বিজেপি চৰকাৰখনে অখিল গগৈক ষড়যন্ত্ৰ মূলকভাৱে কাৰাবন্দী কৰি ৰাখিছে গতিকে অসমবাসী ৰাইজক এই প্ৰচাৰ অভিযানৰ জৰিয়তে অখিল গগৈৰ মুক্তিৰ বাবে মাত মাতিবলৈ কৃষক মুক্তি সংগ্রাম সমিতিয়ে আহ্বান জনাইছে।

উল্লেখ্য যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ ২০১৯ চনৰ ১২ ডিচেম্বৰ তাৰিখৰ পৰা কাৰাবন্দী হৈ আছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমবাসী ৰাইজক নিজ নিজ মঞ্চত নিজস্ব ধৰণে অখিল গগৈৰ মুক্তিৰ বাবে মাত মাতিবলৈ আহ্বান জনাইছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি চৰকাৰে অখিল গগৈক মুক্তি নিদিয়ে তেন্তে আগন্তক নিৰ্বাচনটো সংগ্ৰামৰ মজিয়াত পৰিণত কৰিবলৈও ৰাইজক আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।