গুৱাহাটী

১ ছেপ্টেম্বৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শৰীৰত হ্ৰাস পাইছে অক্সিজেনৰ মাত্ৰা। কৰ’ণা ভাইৰাছত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

কৰ’ণা ভাইৰাছত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত থকা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শৰীৰত সোমবাৰে নিশা হ্ৰাস পায় অক্সিজেনৰ মাত্ৰা। নিশা প্ৰায় ১১.৩০ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক শৰীৰত অক্সিজেনৰ মাত্ৰা ৮৮% লৈ হ্ৰাস পোৱাত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ১ ইউনিত প্লাজমা আৰু অক্সিজেন প্ৰদান কৰা হয়। প্লাজমা আৰু অক্সিজেন প্ৰদানৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক স্বাস্থ্য পুনৰ উন্নত হৈ শৰীৰত অক্সিজেনৰ ৯৭% লৈ বৃদ্ধি পায়। প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য সম্পৰ্কে টুইট যোগে এই কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটাত নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য সম্পৰ্কে গৌৰৱ গগৈৰ লগত টেলিফোন যোগে আলোচনা কৰাৰ কথাও টুইট যোগে প্ৰকাশ কৰে।

উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ যোৱা ২৫ আগষ্টত কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা প্ৰদান কৰা হৈ আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকৰ দল এটাই নিৰীক্ষণ কৰি আছে।