ফজলুৰ ৰহমান

সোণতলী

১৫ অক্টোবৰ

বৰ্তমান বকো সমষ্টিত অগপ দলৰ কৰ্মী শূন্য৷ অগপ দলে অসমৰ জনতাৰ লগত কৰা বিশ্বাসঘাটকতাৰ বাবেই অগপ’ৰ প্ৰতি ৰাইজৰ আস্থা নোহোৱা হৈ পৰিছে৷ অসমৰ ৰাইজৰ লগত কৰা বিশ্বাসঘাটকতাৰ ফল ভোক কৰিবই লাগিব অগপ৷ অগপ ত্যাগ কৰি এই মন্তব্য দ্বীপজ্যোতি দাসৰ।

অসম গন পৰিষদ দলৰ বকো বিধান পৰিষদৰ কাৰ্যকৰী সভাপতি দ্বীপজ্যোতি দাসে সংৱাদমেল অনুষ্ঠিত কৰি শতাধিক কৰ্মীৰ সৈতে আনুষ্ঠানিকভাৱে অগপ দল ত্যাগ কৰিলে। সংবাদমেল যোগে দ্বীপজ্যোতি দাসে অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ লগতে “কা” আন্দোলনৰ পাঁচগৰাকী ফুলকমলীয়া শ্বহীদৰ ক্ষেত্ৰত অগপ দলে যি ভূমিকা গ্ৰহণ কৰিলে তাৰ পিছৰ পৰাই অগপ দলৰ প্ৰতি ৰাইজৰ অস্থা নোহোৱা হৈ পৰিছে বুলি মন্তব্য কৰে দ্বীপজ্যোতি দাসে। সম্প্ৰতি অগপ দলৰ অক্সিজেন নোহোৱা হৈ পৰিছে৷ অগপই বিজেপি দলৰ বুকুচাত উঠি অক্সিজেন লৈ থকা দল আৰু এনে মেৰুদণ্ডহীন দলৰ প্ৰতি ৰাইজৰ আস্থা কেতিয়াও থাকিব নোৱাৰে বুলিও সংবাদমেলত মন্তব্য প্ৰকাশ কৰে দ্বীপজ্যোতি দাসে।

ৰাষ্ট্ৰীয় উগ্ৰ হিন্দুত্ববাদী বিজেপি দলৰ অক্সিজেন লৈ চলা দলটোৱে অসমীয়া জাতি সত্তাক বিসৰ্জন দি কেইজনমান নেতাৰ খোৱা কামোৰাত দলটোৰ অস্থিত্ব নোহোৱা হৈ পৰিছে বুলিও অগপ দলৰ কেইজনমান নেতাক তীব্ৰ সমালোচনা কৰে দ্বীপজ্যোতি দাসে। উক্ত সংৱাদমেলত অগপ দলৰ আঞ্চলিক সমিতিৰ দুবাৰৰ সম্পাদক আব্দুল হামিদেও অগপ দল পদত্যাগ কৰে৷