গুৱাহাটী, ২২ নৱেম্বৰ, ২০২৬ : “কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নাটক কৰিলেও বাস্তৱত ড্ৰাগছ ছিণ্ডিকেটৰ পৰা সংগ্ৰহ কৰা ধনেৰেই বিজেপি দলে নিজৰ সংগঠন চলাইছে।” ৰাজ্যত ড্ৰাগছৰ অবাধ প্ৰচলন আৰু সৰবৰাহৰ ভয়াৱহ সমস্যাক লৈ শাসকীয় চৰকাৰৰ বিৰুদ্ধে এইদৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে (Gaurav Gogoi)। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আয়োজিত সংবাদমেলত গৌৰৱ গগৈয়ে কয় যে ৰাজ্য চৰকাৰে ড্ৰাগছ সমস্যা নিৰ্মূল কৰাৰ ক্ষেত্ৰত যিধৰণৰ তৎপৰতা দেখুৱাব লাগিছিল, সেয়া দেখুওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
সংবাদমেলত চৰকাৰৰ ভূমিকাৰ তীব্ৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, “চৰকাৰে কেৱল ভোটৰ স্বাৰ্থত প্ৰচাৰৰ বাবে আৰক্ষীৰ জৰিয়তে দুই-এটা গ্ৰেপ্তাৰ কৰিছে যদিও ৰাজ্যত ড্ৰাগছৰ মূল সমস্যা হ্ৰাস পোৱাৰ পৰিৱৰ্তে দিনক দিনে বৃদ্ধিহে পাইছে।” তেওঁ উল্লেখ কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বহু পূৰ্বেই পঞ্জাবৰ লগতে সমগ্ৰ দেশত ড্ৰাগছৰ ভয়াৱহতা সম্পৰ্কে সতৰ্ক কৰি দিছিল, কিন্তু সেই সময়ত বিজেপি দলে বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ সলনি ৰাহুল গান্ধীক সমালোচনাহে কৰিছিল। “তেতিয়াই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে কঠোৰ পদক্ষেপ লোৱা হ’লে আজিৰ তাৰিখত আমি এই পৰিস্থিতি দেখিবলৈ নাপালোঁহেঁতেন,” বুলি তেওঁ মন্তব্য কৰে। অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধনৰ প্ৰসংগ টানি তেওঁ কটাক্ষ কৰে যে যি দলে ৰাম মন্দিৰৰ দানৰ পইচাও চুৰ কৰিব পাৰে, সেই দলৰ বাবে ড্ৰাগছৰ ধনেৰে দল চলোৱাটো একো ডাঙৰ কথা নহয়।
মণিপুৰৰ এক ঘটনাৰ উদ্ধৃতি দি গৌৰৱ গগৈয়ে বিস্ফোৰক মন্তব্য কৰি কয়, “মণিপুৰৰ এগৰাকী আৰক্ষী বিষয়াই নিজেই স্বীকাৰ কৰিছে যে তেওঁ ড্ৰাগছ ছিণ্ডিকেটৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰ কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অহা ফোনৰ বাবেই অভিযুক্তক এৰি দিবলগীয়া হৈছিল। আনকি বিজেপিৰ বহু নেতাৰ ড্ৰাগছৰ সৈতে পোনপটীয়া সম্পৰ্ক থকাৰ কথাও আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে।” ইয়াৰ উপৰিও, অসমৰ নৱপ্ৰজন্ম বা ‘জেন-জি’ আৰু অভিভাৱকসকল ড্ৰাগছৰ সমস্যাক লৈ অত্যন্ত চিন্তিত বুলি উল্লেখ কৰি তেওঁ কয়, “আমাৰ নৱপ্ৰজন্মক সমালোচনা কৰাতকৈ তেওঁলোকৰ কথা শুনাটোহে আজি জৰুৰী। আগন্তুক দিনত অসমত এন এছ ইউ আয়ে নিচামুক্ত অসম গঢ়াৰ লক্ষ্যৰে যুৱক-যুৱতীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে সামাজিক অভিযান চলাব আৰু ইয়াত আমি সম্পূৰ্ণৰূপে সহায় কৰিম।”
আনহাতে, সংবাদমেলত সাংবাদিকসকলে সোধা বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। শেহতীয়াকৈ এনএছইউআইৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্বৰ্ধনা জনোৱাৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয় যে নিৰ্বাচনত জয়ী হৈ ক্ষমতা পোৱাৰ পাছত বিজেপিৰ দৰে ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাৰ সলনি ৰাইজৰ সমস্যা সমাধানতহে গুৰুত্ব দিবলৈ তেওঁলোকক পৰামৰ্শ দিয়া হৈছে। বর্তমানৰ মুখ্যমন্ত্ৰীৰ গালি-গালাজ আৰু হিন্দু-মুছলমানৰ ৰাজনীতিক লৈ ৰাইজ অতিষ্ঠ হৈ পৰা বুলিও তেওঁ মন্তব্য কৰে। কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাৰ সন্দৰ্ভত সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, “কঁহৰাত আৰক্ষী চকী থাকিলেও চিকিৎসক নথকাটো স্বাস্থ্য বিভাগৰ চৰম ব্যৰ্থতা। স্বাস্থ্য বিভাগৰ ব্যাপক কেলেংকাৰী ঢাকিবলৈহে মুখ্যমন্ত্ৰীয়ে এই বিষয়টো পৰিবহণ বিভাগৰ ফালে ঠেলি দিছে। কঁহৰাত উন্নত চিকিৎসা থকা হ’লে বহু লোকৰ প্ৰাণ ৰক্ষা পৰিলহেঁতেন।” একেদৰে, উজনি অসমত ড্ৰাগছ আৰু অন্যান্য ছিণ্ডিকেটৰ মাফিয়াক আৰক্ষীয়ে আটক কৰিও এৰি দিয়া বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে উজনি অসমৰ ছিণ্ডিকেটৰ নিয়ন্ত্ৰণক লৈ এতিয়া বিজেপিৰ ভিতৰচ’ৰাতে তীব্ৰ সংঘাত চলি আছে। কোনটো চক্ৰই ছিণ্ডিকেট চলাব, তাকে লৈ মুখ্যমন্ত্ৰী আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলৰ মাজত শীতল যুদ্ধ চলি থকা বুলিও তেওঁ অভিযোগ কৰে।
তদুপৰি, আৰক্ষীৰ জিম্মাত থকা ড্ৰাগছ আসক্ত লোকক আৰক্ষীয়েই ড্ৰাগছৰ যোগান ধৰিবলগীয়া হোৱা পৰিস্থিতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত গৌৰৱ গগৈয়ে কয় যে ইয়াৰ বাবে বিশেষজ্ঞ, চিকিৎসক আৰু আইন বলৱৎকাৰী সংস্থাসমূহৰ সৈতে আলোচনা কৰি বাস্তৱসন্মতভাৱে পুনৰ্সংস্থাপনৰ এক ৰোডমেপ তৈয়াৰ কৰাটো অত্যন্ত জৰুৰী। আনহাতে, ৰাজস্থানৰ শেহতীয়া নিৰ্বাচন আৰু অসমত নিৰ্বাচনী অনিয়মৰ মাজতো কংগ্ৰেছৰ অংশগ্ৰহণ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয় যে ৰাজস্থানৰ পৌৰসভা নিৰ্বাচনত আৰক্ষীয়ে জিলা পৰিষদৰ প্ৰাৰ্থীক অপহৰণ কৰাৰ ঘটনাক লৈ দেশজুৰি ব্যাপক চৰ্চা হোৱাৰ বাবেই প্ৰশাসন নিজকে নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হ’ল। অসমতো চৰকাৰী অনিয়ম আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত ৰচনা কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ লগতে কোনো কাৰণতে কংগ্ৰেছে নিৰ্বাচনী যুঁজৰ পৰা কেতিয়াও আঁতৰি নাযায় বুলি গৌৰৱ গগৈয়ে স্পষ্ট কৰি দিয়ে।
এই প্ৰসংগত গৌৰৱ গগৈয়ে কয়, “যদি কংগ্ৰেছ দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰি ৰণক্ষেত্ৰৰ পৰা আঁতৰি যায়, তেন্তে বিজেপিয়ে ভোট চুৰি কৰা, ৰাষ্ট্ৰীয় সুৰক্ষা আইন জাপি দিয়া বা ছিণ্ডিকেট চলোৱা বন্ধ কৰি দিব নেকি? যুঁজ দিহে আমি তেওঁলোকৰ কেলেংকাৰীসমূহ ফাদিল কৰিব পাৰিম আৰু ৰাইজক সজাগ কৰি বুজাব পাৰিম যে যিকোনো ৰাজনৈতিক দলতকৈ জনসাধাৰণৰ শক্তি সদায় ওপৰত।” ব্ৰিটিছৰ বিৰুদ্ধে কংগ্ৰেছে বছৰ বছৰ ধৰি সংগ্ৰাম কৰি স্বাধীনতা অনাৰ কথা সোঁৱৰাই দি তেওঁ লগতে কটাক্ষ কৰে যে বৰ্তমানৰ শাসকীয় দলটোত থকা বেছিভাগ লোকেই এসময়ত কংগ্ৰেছৰেই সতীৰ্থ আছিল; সেয়েহে তেওঁলোকৰ দুৰ্বলতা আৰু ঘৰুৱা খবৰ কংগ্ৰেছৰ হাতত ভালদৰেই আছে বুলি গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য সংবাদমেলত অসম বিধানসভাৰ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ অধ্যক্ষ দ্বীপ বায়নো উপস্থিত থাকে।
